ভুৱা তথ্যৰে দৰিদ্ৰ হিতাধিকাৰীৰ পূঁজি সৰকালে কোনে ?

খণ্ডটোৰ খণ্ড উন্নয়ন বিষয়া গৌৰাংগ দত্তৰ অদক্ষ পৰিচালনা আৰু একাংশ বেপৰোৱা কৰ্মচাৰী,জনপ্ৰতিনিধিৰ বাবে দৰিদ্ৰ জন বঞ্চিত হ'ল প্ৰাপ্যৰ পৰা

author-image
Asomiya Pratidin
New Update
ভুৱা তথ্যৰে দৰিদ্ৰ হিতাধিকাৰীৰ পূঁজি সৰকালে কোনে ?

ডিজিটেল সংবাদ, ঢকুৱাখনা: অনিয়ম দুৰ্নীতিৰ ভুস্বৰ্গত পৰিণত হৈছে ঢকুৱাখনা উন্নয়ন খণ্ড। খণ্ডটোৰ খণ্ড উন্নয়ন বিষয়া গৌৰাংগ দত্তৰ অদক্ষ পৰিচালনা আৰু একাংশ বেপৰোৱা কৰ্মচাৰী,জনপ্ৰতিনিধিৰ বাবে দৰিদ্ৰ জন বঞ্চিত হ'ল প্ৰাপ্যৰ পৰা।

Advertisment

খণ্ডটোৰ অন্তৰ্গত পূব ঢকুৱাখনা পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ এনে এগৰাকী প্ৰৱঞ্চিত হিতাধিকাৰী হৈছে ভুৱন দলে । প্ৰধান মন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ)ৰ অধীনত এই গৰাকী হিতাধিকাৰীয়ে নিজৰ আই ডি- এ এছ ২৪৮৬৩১০ নম্বৰৰ জৰিয়তে ২০২১-২০২২ বিত্তীয় বৰ্ষত  এটা ঘৰৰ আৱন্টন লাভ কৰিছিল।

বিধিগত ভাবে গৃহ নিৰ্মাণ কৰাৰ পৰৱৰ্তী সময়ত পত্নী চম্পাৱতী দলেৰ নামত ভাৰতীয় ষ্টেট বেংকৰ ঢকুৱাখনা শাখাত থকা ৩৭৫৭৪৬৯৩১৫৭ একাউণ্টৰ জৰিয়তে ২০২২ চনৰ ৩০ মে'ত প্ৰথম কিস্তিৰ  ৩২ হাজাৰ , ৩১ আগষ্টত দ্বিতীয় কিস্তিৰ ৪৮ হাজাৰ ৭৫০ টকা লাভ কৰিছিল। পৰৱৰ্তী সময়ত বিভাগীয় নীতি নিৰ্দেশনা অনুসৰি গৃহ নিৰ্মাণৰ অগ্ৰগতি দিয়াৰ বাবে গ্ৰামোন্নয়ন বিভাগে ২০২৩ বর্ষৰ ২৪ জানুৱাৰীত অন্তিম কিস্তিৰ ৪৮ হাজাৰ ৭৫০ টকা আদায় নিদি অন্য ব্যক্তিৰ  একাউণ্টত গোপনে উক্ত ধনৰাশি  দিয়াৰ অভিযোগ উত্থাপন হৈছে।

পঞ্চায়তখনৰ অন্য হিতাধিকাৰী সকলে অন্তিম কিস্তিৰ ধন লাভ কৰাৰ পাছতো এই গৰাকী দুৰ্ভগীয়া হিতাধিকাৰীয়ে নিজৰ প্ৰাপ্য কিস্তিৰ ধন লাভ নকৰাত বেংক , উন্নয়ন খণ্ডলৈ গৈ বহুবাৰ বিমুখ হয়। গ্ৰামোন্নয়ন বিভাগে বাৰম্বাৰ হিতাধিকাৰী গৰাকীৰ একাউন্টত কিস্তিৰ ধন সুমুৱাই দিয়া হৈছে বুলি জানিবলৈ দি নিৰ্বোধ ব্যক্তি ভুৱন দলেক আমনি নকৰিবলৈ  খেদি পঠিয়ায়। উপায়ন্তৰ হৈ দৰিদ্ৰ ব্যক্তি গৰাকীয়ে সংবাদ মাধ্যমৰ কাষ চপাত বিভাগটোৰ নিৰ্লজ দায়িত্বহীন কাণ্ড পোহৰলৈ আহে ।

তদন্ত কালত পোহৰলৈ অহা তথ্য মতে গ্ৰামোন্নয়ন বিভাগে পেগুৰ অন্তিম কিস্তিৰ মুঠ ৪৮হাজাৰ ৭৫০ টকা ভুৱা আৰু জালিয়াতিৰে  অন্য এগৰাকী অবিবাহিতা মহিলাৰ একাউন্টত দিয়াৰ পাং পাতিছিল। সংগৃহীত তথ্য মতে পঞ্চায়তখনৰ অভয়পুৰ মাজগাঁওৰ চম্পাৱতী দলে নামৰ (আধাৰ নম্বৰ-*৭০১৮) এগৰাকী অজ্ঞাত মহিলাৰ ০০৬০১০০২১৭৫৬ নম্বৰৰ ডাকঘৰৰ একাউণ্টলৈ সোমোৱাই লুণ্ঠনৰ কাহিনী সম্পূৰ্ণ কৰিছিল। 

"অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ অনুসন্ধানত এই ভয়ংকৰ তথ্য পোহৰলৈ অহাত স্তম্ভিত হৈ পৰিছে দুৰ্ভগীয়া প্ৰাপ্য বঞ্চিত হিতাধিকাৰী দলে।  এই সন্দৰ্ভত হিতাধিকাৰী গৰাকীয়ে পুনৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয়লৈ গৈ বিষয়টো কৰ্তৃপক্ষক অৱগত কৰাত হিতাধিকাৰী গৰাকীক ককৰ্থনাহে কৰে কর্তৃপক্ষই। উপায়ন্তৰ হিতাধিকাৰী গৰাকীয়ে এই সন্দৰ্ভত অতিষ্ঠ হৈ আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ বাবে সাজু হোৱা বুলি আত্মীয়ই জানিবলৈ দিলে।  প্ৰাপ্য বিচাৰি হাবাথুৰি খোৱা ব্যক্তি গৰাকীক গ্ৰামোন্নয়নৰ মতলবী বিষয়া কৰ্মচাৰী সকলে কৰা এনে দুৰ্ব্যবহাৰৰ অতিষ্ঠ হৈ এই সন্দৰ্ভত উচিত তদন্ত কৰি ন্যায় প্ৰাপ্তিৰ ব্যৱস্থা কৰিবলৈ উপায়ুক্তৰ হস্তক্ষেপ কামনা কৰিছে ।

উৎকোচ অথবা পুঁজি আত্মসাৎ কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা লৈ আহিছে চৰকাৰে। তেনে ক্ষেত্ৰত খণ্ডটোৰ বিষয়া কৰ্মচাৰী পঞ্চায়ত প্ৰতিনিধিৰ পৃষ্ঠপোষকতাত সংঘটিত হোৱা এনে চৰকাৰী পূঁজি অপচয়ৰ ঘটনাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

Also Read: ইমান অভদ্ৰ জানো আমি আছিলো !

dhakuakhana