ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কেলেংকাৰী: এইবাৰ কোকৰাঝাৰত গুৰুতৰ অভিযোগ...

কোকৰাঝাৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক কেলেংকাৰী। বিজেপি আৰু ইউপিপিএলৰ ভিচিডিচি সদস্যই হিতাধিকাৰীৰ পৰা লয় উৎকোচ। উৎকোচ অবিহনে জমা নিদিয়ে অগ্ৰগতিৰ ৰিপৰ্ট। প্ৰতিটো গৃহৰ বাবদ ৩০০০-৬০০০ টকাকৈ লয় উৎকোচ...
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কেলেংকাৰী: এইবাৰ কোকৰাঝাৰত গুৰুতৰ অভিযোগ...

ডিজিটেল সংবাদ, কোকৰাঝাৰ : কোকৰাঝাৰত জিলাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহনিৰ্মাণৰ নামত ব্যাপক লুণ্ঠনৰ অভিযোগ উঠিছে। হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ লাভ কৰাৰ পিছতে বিজেপি আৰু ইউপিপিএলৰ ভিচিডিচি সদস্যই হিতাধিকাৰীৰ পৰা উৎকোচ লোৱাৰ গুৰুতৰ অভিযোগ হিতাধিকাৰীৰ।

সাধাৰণতে প্ৰায় সংখ্যক ভিচিডিচিৰ সদস্যই প্ৰতিটো গৃহৰ বাবদ হিতাধিকাৰীৰ পৰা ৩০০০ টকাৰ পৰা ৬০০০ টকা উৎকোচ লৈ আহিছে। উৎকোচ অবিহনে হিতাধিকাৰীৰ আৱণ্টিত গৃহৰ বাবদ টকা একাউণ্টত নোসোমাব নতুবা আৱণ্টিত গৃহ কাটি দিয়া হ'ব বুলি ভয়-ভাবুকি দিয়াৰ পৰিণতিত বাধ্যত পৰি দুখীয়া হিতাধিকাৰীসকলে ভিচিডিচি সদস্যসকলক উৎকোচ দি আহিছে। উৎকোচ অবিহনে ফটো গ্ৰহণ নকৰা আৰু কামৰ অগ্ৰগতিৰ খতিয়ান সংশ্লিষ্ট কৰ্তৃপক্ষক নজনোৱাত হিতাধিকাৰীসকলে কিস্তিৰ ধন লাভ নকৰাৰ কথা ব্যক্ত কৰিছে।

বিজেপি আৰু ইউপিপিএল দলৰ ভিচিডিচি সদস্যৰ মইমতালিত অৱশেষত গঞা ৰাইজ একত্ৰিত হৈ সভা আহ্বান কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয়। লগতে সভাত যাতে কোনোধৰণৰ অনাকাংক্ষিত ঘটনা সংঘটিত নহয় তাৰ বাবে নিৰাপত্তাৰক্ষী বিচাৰি জিলা আৰক্ষী অধীক্ষকক সংশ্লিষ্ট গাঁৱৰ গাঁওবুঢ়াই আবেদন জনাব লগা পৰিস্থিতিৰো সৃষ্টি হয়।

গঞা ৰাইজৰ হৈ আবেদন জনোৱা গাঁওবুঢ়াৰ আবেদনৰ প্ৰতি সঁহাৰি দি কোকৰাঝাৰ জিলা পুলিচ প্ৰশাসনে শনিবাৰে তিতাগুৰী ভোটগাঁৱত নিৰাপত্তাৰক্ষী প্ৰেৰণ কৰে। উল্লেখ্য যে, কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত তিতাগুৰী ভোটগাঁৱত ৩০ -৩৫ জন হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ লাভ কৰিছিল। হিতাধিকাৰীসকলে অভিযোগ কৰা মতে ভিচিডিচিৰ দুই সদস্য ক্ৰমে বিজেপিৰ সুশীল অধিকাৰী আৰু ইউপিপিএলৰ সূমিত্ৰা অধিকাৰীয়ে প্ৰতিজন হিতাধিকাৰীৰ পৰা ৩০০০ পৰা ৬০০০ টকাকৈ উৎকোচ লৈ আহিছে ।

উৎকোচ অবিহনে তেওঁলোকৰ নিৰ্মিয়মান গৃহৰ অগ্ৰগতিৰ খতিয়ান জমা নিদিয়াত কিস্তিৰ ধন লাভ কৰাত পলম হৈছে হিতাধিকাৰীসকল। ইয়াৰোপৰি ঘৰ আৰম্ভণিৰ পৰা সম্পূৰ্ণ হোৱালৈকে ভিচিডিচি সদস্যক উৎকোচ দি থাকিব লাগে বুলি ভুক্তভোগীয়ে অভিযোগ কৰে। উল্লেখ্য উক্ত বিষয়টোক লৈয়ে তিতাগুৰী ভোটগাঁৱৰ গণেশ মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হোৱা ৰাজহুৱা সভা দুই ভিচিডিচি সদস্য ক্ৰমে বিজেপিৰ সুশীল অধিকাৰী আৰু ইউপিপিএলৰ সূমিত্ৰা অধিকাৰী অনুপস্থিত থাকে। আনহাতে সভাত হিতাধিকাৰীসকলে তেওঁলোকৰ পৰা লোৱা উৎকোচ ঘূৰাই দিবলৈ দাবী জনায়।

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কেলেংকাৰী: এইবাৰ কোকৰাঝাৰত গুৰুতৰ অভিযোগ...
অসম আৰক্ষীত পুনৰ ৰদ-বদল: এইবাৰ ধুবুৰী-বিশ্বনাথৰ এছ পিক বদলি গৃহবিভাগৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in