/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/3c19ad29-ea5a-41ee-a079-9731a4d8c70d/18.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ অসম চৰকাৰে বডোফাৰ জন্মদিনটোক অৰ্থাৎ ৩১ মাৰ্চৰ দিনটোক ৰাজ্যিক ছাত্ৰ দিৱস হিচাপে উদযাপনৰ স্বীকৃতি দিয়াৰ পিছত দেওবাৰে এবছুৰ উদ্যোগত বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৬৮তম জন্ম দিৱসটো কোকৰাঝাৰ জিলাৰ দোতমাৰ থুলুংগাপুৰীত কেন্দ্ৰীয়ভাৱে ছাত্ৰ দিৱস উদযাপন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/a4b23114-8ee2-4565-ba80-184cf8e4f366/9322faff_5d6a_4b17_9403_41b2c5d655b6.jpg)
এই উপলক্ষে পুৱা উদযাপনথলীত পতাকা উত্তোলনেৰে দিনজোৰা কাৰ্যসূচীৰ শুভাৰাম্ভ কৰে এবছুৰ সভাপতি দ্বীপেন বড়োৱে। ইয়াৰ পিছতে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সমাধিক্ষেত্ৰত পুষ্পাঞ্জলী আৰু প্ৰতিমুৰ্তিত গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে বডোফাৰ পৰিয়ালবৰ্গৰ লগতে অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰা মুম্বাইৰ বিশিষ্ট সাংবাদিক ৰূপা চিনাই , মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, এবছুৰ সভাপতি দ্বীপেন ব্ৰহ্ম, সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰী, ১ নং কোকৰাঝাৰ লোকসভাৰ বিপিএফৰ প্ৰাৰ্থী খাম্পাা বৰগয়াৰী, বড়ো সাহিত্য সভাৰ সভাপতি সুৰথ নাৰ্জাৰী , উপেন্দ্ৰ নাথ ব্ৰহ্ম ট্ৰাষ্টৰ অধ্যক্ষ সুবুং বসুমতাৰীকে ধৰি বহু বিশিষ্টই শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/e7581cda-12e4-4175-8a00-bea245f8444a/e1d13b69_3c6d_49fc_91fd_26a0c44d1ad2.jpg)
ইপিনে সংবাদ মাধ্যমৰ আগত বডোফাৰ জন্মদিনক ছাত্ৰ দিৱস হিচাপে স্বীকৃতি দিয়াত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰি এবছুৰ সভাপতি দ্বীপেন বড়োৱে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মক "ভাৰতৰত্ন" প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে। ৰাষ্ট্ৰ নিৰ্মানৰ্থে পিছপৰা জনগোষ্ঠীক আগুৱাই নিয়াত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ অৱদান আছে আছে বুলি মন্তব্য কৰি বডোফাৰ সপোনক বাস্তৱ ৰূপ দিবলৈ বডোফাৰ আদৰ্শৰে এবছু আগবাঢ়ি যাব বুলি উল্লেখ কৰিছে এবছুৰ সভাপতি দ্বীপেন বড়োৱে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/2fccf1db-7116-4062-8f2a-45bdbea5ca69/1b45ee34_0eda_4cae_805c_2abf1588fe36.jpg)
অনুষ্ঠানত উপস্থিত থকা বিপিএফৰ কোকৰাঝাৰ লোকসভাৰ প্ৰাৰ্থী খাম্পা বৰগয়াৰীয়ে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম অকল বড়ো বা ট্ৰাইবেলৰ নেতা নহয় বৰং সমগ্ৰ অসমৰ নেতা বুলি মন্তব্য কৰি বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মক ভাৰতৰত্ন প্ৰদান কৰাৰ দাবীক সমৰ্থন কৰে খাম্পা বৰগয়াৰীয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/24c1d65c-bfd4-4696-b339-46204a1c7a82/ebd48568_0b95_48f0_aa82_c00f12ccc798.jpg)
আনহাতে অনুষ্ঠানত উপস্থিত হৈ বডোফাৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি অসম চৰকাৰৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম পিছপৰা জনগোষ্ঠীৰ বাবে আদৰ্শস্বৰূপ বুলি মন্তব্য কৰিছে। উপেন্দ্ৰ নাথ ব্ৰহ্মৰ দ্বাৰা অনুপ্ৰাণিত হৈ এতিয়া সৰু সৰু জনগোষ্ঠীসকলেও অধিকাৰৰ বাবে মাত মাতি আছে বুলি উল্লেখ কৰে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই। আনহাতে বড়োসকলৰ ১৩ টা বস্তুত ভাৰত চৰকাৰৰ জিআই টেগ লগাটো আজিৰ দিনটোৰ এটা সুখবৰ বুলিও মন্তব্য কৰিছে উৰ্খাও গৌৰা ব্ৰহ্মই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/da7e9991-d319-423c-9afb-62c0162fb7b0/45f6eb02_fb3a_4910_bee7_aafd505bc42e.jpg)
ইপিনে কোকৰাঝাৰ জিলাৰ দোতমাৰ থুলুংগাপুৰীত থকা বডোফাৰ সমাধিক্ষেত্ৰত এবছুৰ উদ্যোগত অনুষ্ঠিত হোৱা ছাত্ৰ দিৱসৰ মুকলি সভাত মুম্বাইৰ বিশিষ্ট সাংবাদিক ৰূপা চিনাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ কৰ্মৰাজীৰ বিষয়ে নিজ ভাষণত উল্লেখ কৰি বডোফাৰ নীতি - আদৰ্শক প্ৰশংসা কৰে । বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম ভাৰত ৰত্নৰ বাবে যোগ্য বুলিও মন্তব্য কৰিছে বিশিষ্ট সাংবাদিক ৰূপা চিনাইয়ে । আজিৰ অনুষ্ঠানত ১নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী , ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰী আদিকে ধৰি বহু বিশিষ্টই অংশগ্ৰহণ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/8689e811-d533-4018-8257-6c3e337e950f/ad2eb8e0_ce74_4399_b69f_831e8bd8657d.jpg)
উল্লেখ্য যে অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশনাত আজি ৰবিবাৰ হোৱা সত্বেও বিদ্যালয় -মহাবিদ্যালয়সমুহত ছাত্ৰ দিৱস উদযাপন কৰা হয় । প্ৰণিধানযোগ্য যে কোকৰাঝাৰত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ সময়ছোৱাতে বডোফাৰ জন্মদিনটোক ৰাজ্যিক ছাত্ৰ দিৱস হিচাপে উদযাপন কৰাৰ বাবে অসম চৰকাৰে স্বীকৃতি প্ৰদান কৰিছিল আৰু সেয়া শৈক্ষিক কেলেণ্ডাৰত অন্তৰ্ভূক্ত হৈছে।
Also Read: কঠীয়াতলীত অমৃত সৰোবৰ আঁচনিত বৃহৎ অনিয়ম!