ভাগিনীয়েকে হত্যা কৰি লুকুৱাই থ'লে মোমায়েকৰ মৃতদেহ...

কোকৰাঝাৰৰ চালাকাটিত চাঞ্চল্যকৰ হত্যাকাণ্ড। বুধবাৰে পোহৰলৈ আহে হত্যাকাণ্ডৰ কথা।

author-image
Asomiya Pratidin
New Update
শিক্ষকৰ ধন লুটিবলৈ গৈ আৰক্ষীৰ জালত পশ্চিমবংগৰ যুৱক

ডিজিটেল ডেস্কঃ ৰাজ্যত নিতৌ ন ন অপৰাধ মূলক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰি আহিছে। অতি নৃশংস ভাৱে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোঝ নকৰে একাংশই। ইয়াৰ মাজতে কোকৰাঝাৰৰ চালাকাটিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। বুধবাৰে পোহৰলৈ আহে হত্যাকাণ্ডৰ কথা।

Advertisment

ভাগিনীয়েকে হত্যা কৰিলে নিজৰ মোমায়েকক। চালাকাটিৰ নয়াছাৰাৰ ৪নং গাঁৱত সংঘটিত হৈছে এই হত্যাকাণ্ড। মোমায়েকক খগেন বৰ্মনক হত্যা কৰি ভাগিনীয়েক প্ৰকাশ বৰ্মনে লুকুৱাই থ’লে মৃতদেহ। ঘটনা সংঘটিত কৰিয়েই পলায়ন প্ৰকাশৰ।

ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। অৱশ্যে কি কাৰণে এই হত্যাকাণ্ড সংঘটিত হ'ল সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই। আনহাতে মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব মৃত্যুৰ কাৰণ।

Also Read: আতংকিত অসমীয়া! সীমান্তত অস্ত্ৰধাৰী নগা দুৰ্বৃত্তৰ সন্ত্ৰাস...

Assam police crime