পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ, ডেগাৰেৰে হানি-খুচি হত্যা নিজ পিতৃক...

কোকৰাঝাৰ জিলাৰ ছালাকাটিৰ ভূমকী প্ৰথম খণ্ডত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা
kokrajhar
kokrajhar

ডিজিটেল সংবাদ, কোকৰাঝাৰ : কোকৰাঝাৰ জিলাৰ ছালাকাটিৰ ভূমকী প্ৰথম খণ্ডত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পুত্ৰই ডেগাৰেৰে হানি-খুচি হত্যা কৰে নিজ পিতৃক। উল্লেখ্য যে পাৰিবাৰিক কন্দলৰ পৰিণতিতে এই ঘটনা সংঘটিত হয় বুলি জানিবলৈ দিয়ে পৰিয়ালে।

পুত্ৰ ছাহিনুৰ আলিৰ (১৯) হাতত প্ৰাণ গ'ল বাহাৰ আলিক(৪৬)ৰ। ঘটনা সংঘটিত হোৱাৰ পাছত ছালাকাটি আৰক্ষী উপস্থিত হৈ ঘাতকক আটক কৰে। নিজ সন্তান ছাহিনুৰ আলিক কঠোৰ শাস্তি প্ৰদানৰ দাবী ছাহিনুৰৰ মাতৃ তথা বাহাৰ আলিৰ পত্নী আনোৱাৰা বেগমৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in