জয়ন্ত বসুমতাৰীক ভোট প্ৰদানৰ আহ্বান আদিবাসী জনগোষ্ঠী সংগঠনৰ

জয়ন্ত বসুমতাৰীক ভোট প্ৰদানৰ আহ্বান আদিবাসী জনগোষ্ঠী সংগঠনৰ

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ ৭ মে'ত অনুষ্ঠিত হ'বলগীয়া কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্বাচনত সমষ্টিটোৰ এনডিএ'ৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক পূৰ্ণ সমৰ্থন আগবঢ়াইছে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ লগতে আদিবাসী জনগোষ্ঠীৰ ১৪ টাকৈ সংগঠনে। আজি বিয়লী কোকৰাঝাৰত আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদসহ ১৪ টা আদিবাসী সংগঠনৰ মাজত অনুষ্ঠিত হোৱা বৈঠকত কোকৰাঝাৰ লোকসভা সমষ্টিৰ এনডিএ প্ৰাৰ্থীক পূৰ্ণ সমৰ্থন জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

আনহাতে বৈঠকৰ অন্তত এক সংবাদমেল সম্বোধন কৰি উক্ত সিদ্ধান্তৰ বিষয়ে সদৰী কৰে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ অধ্যক্ষ অসীম হাছদাই।তেওঁ কয় যে আদিবাসী জনগোষ্ঠীৰ বিভিন্ন জাতীয় সমস্যা সমূহ সমাধান কৰিবলৈ হ'লে আমি এনডিএ চৰকাৰৰ স'তে থাকিব লাগিব।আদিবাসী জনগোষ্ঠীৰ এই জাতীয় সমস্যা সমাধানৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত লোৱা হৈছে বুলি মন্তব্য কৰে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ অধ্যক্ষ অসীম হাছদাই।

কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত সমূহ আদিবাসী ভোটাৰ ৰাইজক এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সপক্ষে ভোট প্ৰদান কৰিবলৈও আহ্বান জনাই অসীম হাছদাই ৷ তদুপৰি এনডিএ প্ৰাৰ্থী গৰাকীক বিপুল সংখ্যক ভোটত জয়যুক্ত কৰাৰ বাবে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ লগতে ১৪ আদিবাসী সংগঠনে আজিৰ পৰাই কামত লাগি যাব বুলিও মন্তব্য কৰিছে অসীম হাছদাই ৷

আজিৰ সভাত আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ উপাধ্যক্ষ সুভাষ তিৰ্কী ওৰফে বীৰসিং মুণ্ডা,আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ ৯ গৰাকীকৈ পাৰিষদ,আকমা,আপা,বিচিএফ,এচটিএফ, আনলা, এডিএফকে ধৰি জনগোষ্ঠীটোৰ বিভিন্ন ছাত্ৰ সংগঠনৰ নেতৃত্ববৰ্গ উপস্থিত থাকে। তদুপৰি চান্দামাৰীত অনুষ্ঠিত হোৱা সভাখনত কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী আৰু বিটিচিৰ কাৰ্যবাহী সদস্য উইলচন হাসদাও উপস্থিত আছিল ।

জয়ন্ত বসুমতাৰীক ভোট প্ৰদানৰ আহ্বান আদিবাসী জনগোষ্ঠী সংগঠনৰ
ৰঙিয়াত শান্তিপূৰ্ণভাৱে ৫ বজালৈ চলিল ভোটদান প্ৰক্ৰিয়া

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in