/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/32fee1da-ac33-4beb-9b65-e40bad2364d0/bw.jpg)
ডিজিটেল সংবাদ,ৰঙিয়াঃ দৰং ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত ৰঙিয়া আৰু কমলপুৰ সমষ্টিৰ কেইবাটাও কেন্দ্ৰত শান্তিপূৰ্ণভাৱে ভোটদান পৰ্ব সমাপ্ত হয়। ৰঙিয়াত কেইবাটাও ভোট গ্ৰহণ কেন্দ্ৰত সন্ধিয়া ৫ বজাৰ পিছলৈ ভোটদান চলি থাকে। ইয়াৰে ৰঙিয়াৰ ২৯ নং মূৰাৰা বালিকা প্ৰাথমিক বিদ্যালয়ৰ কেন্দ্ৰটোক আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ বুলি চিহ্নিত কৰে জিলা নিৰ্বাচনী বিষয়াই।
৫ বজালৈ ৰঙিয়া বিধানসভা সমষ্টিত ৮০.২% আৰু কমলপুৰ বিধানসভা সমষ্টিত ৭৭.৬% ভোটদান সমাপন হয়। উল্লেখ্য যে ৰঙিয়াত নতুন ভোটাৰৰ মাজত উৎসাহ পূৰ্বৰ তুলনাত অধিক বৃদ্ধি পায়।দৰং ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত ৰঙিয়াৰ ২৯ নং মূৰাৰা বালিকা প্ৰাথমিক বিদ্যালয়ৰ,৯ নং তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত পুৱাৰে পৰা ভোটাৰে ভিৰ কৰা পৰিলক্ষিত হয়।
আগৰ তুলনাত এইবেলি নতুন প্ৰজন্মৰ ল'ৰা-ছোৱালীয়ে ভোটদান কৰা লৈ এই উৎসাহে সুস্থ গণতন্ত্ৰৰ উৎসৱ বুলি জ্যেষ্ঠ নাগৰিক সকলে মন্তব্য কৰে। আনহাতে ৰঙিয়াৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ ভোটকেন্দ্ৰতো ভিৰ কৰা পৰিলক্ষিত হয়।