/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/94554fa2-fe89-4894-8191-976cda51ca57/kokrajhar.jpg)
kokrajhar
ডিজিটেল সংবাদ, কোকৰাঝাৰ : কোকৰাঝাৰ জিলা কৃষি বিভাগৰ অন্তৰ্গত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্পৰ অধীনত তথা মোগানী থানদৈ কৃষক উৎপাদক কোম্পানিৰ সহযোগত বৈজ্ঞানিক পদ্ধতিৰে সৰিয়হৰ খেতি কৰাৰ সন্দৰ্ভত কৃষকক প্ৰদান কৰা হয় ২ দ্বিতীয় পৰ্যায়ৰ কাৰিকৰী প্ৰশিক্ষণ ।
প্ৰশিক্ষণ প্ৰদানৰ বাবে ৰাজস্থানস্থিত আই চি এ আৰৰ দুই বিজ্ঞানী ডাঃ অৰুণ কুমাৰ (মুখ্য বিজ্ঞানী, উদ্ভীদ প্ৰজনন) আৰু ড০ হাৰ্ভিৰ সিঙে সৰিয়হ খেতিৰ বৈজ্ঞানিক পদ্ধতি সম্পৰ্কে সবিশেষ ব্যক্ত কৰে। উন্নত মানৰ বীজ ব্যৱহাৰ কৰি বৈজ্ঞানিক পদ্ধতিৰে সৰিয়হৰ খেতি কৰি কৃষকসকল যথেষ্ঠ লাভান্বিত হ'ব পাৰে বুলিও মন্তব্য কৰে বীজ্ঞানীদ্বয়ে।
থলুৱা বীজৰ তুলনাত ICAR-DRMA-APART ৰ পৰা যোগান ধৰা বীজৰ উৎপাদন বহু পৰিমাণে বেছি এই বীজ ব্যৱহাৰ কৰি বৈজ্ঞানিক পদ্ধতিৰে ইয়াৰ খেতি কৰিলে কৃষকৰ উৎপাদন দুগুণ বৃদ্ধি পাব। সৰিয়হৰ খেতিৰ ক্ষেত্ৰত ৰাজস্থানৰ পাৰদৰ্শিতাৰ উদাহৰণ দাঙি ধৰি বীজ্ঞানীদ্বয়ে অসমৰ কৃষকসকলকো সৰিয়হ খেতিৰ জৰিয়তে স্বাৱলম্বী হ'বৰ বাবে পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনায় আৰু ইয়াৰ বাবে যাৱতীয় সহায় সহযোগিতা আগবঢ়োৱাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে।
উল্লেখ্য যে বীজ্ঞানীদ্বয়ে দ্বিতীয় পৰ্যায়ৰ কাৰিকৰী প্ৰশিক্ষণত উপস্থিত থকা কৃষকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে মোগানী থানদৈ কৃষক উৎপাদক কোম্পানিৰ সৰিয়হ খেতিৰ ক্ষেত্রও পৰিদৰ্শন কৰে বীজ্ঞানীদ্বয়ে।
অঞ্চলটো প্ৰায় ৩০ গৰাকী কৃষকে সৰিয়হ খেতিৰ বৈজ্ঞানিক পদ্ধতি সম্পৰ্কে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে প্ৰশিক্ষণ সাফল্যমণ্ডিত কৰি তুলাত সহায় সহযোগিতা আগবঢ়ায় কোকৰাঝাৰ জিলাৰ জিলা কৃষি তথ্য বিষয়া তথা APARTৰ নোডেল বিষয়া মুনিন্দ্ৰ নাৰায়ণ দাস, হিমাংশু ডেকা(senior research fellow, APART), মোগানী থানদৈ কৃষক উৎপাদক কোম্পানিৰ চিইঅ' ডালিনা ইছলাৰীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/e083887c-740d-460f-abaa-21c4828ae099/12.jpg)
আৰু পঢ়ক : নুমলীগড় ৰংবংৰ মহাপুৰুষীয়া পালনাম থানৰ সোণালী জয়ন্তী বৰ্ষ প্ৰতিষ্ঠা দিৱস...