নুমলীগড় ৰংবংৰ মহাপুৰুষীয়া পালনাম থানৰ সোণালী জয়ন্তী বৰ্ষ প্ৰতিষ্ঠা দিৱস...

ৰংবংস্থিত একশৰণ ভাগৱতী সমাজ, অসমৰ উদ্যোগত সোণালী জয়ন্তী বৰ্ষ প্ৰতিষ্ঠা দিৱস উপলক্ষে

author-image
Asomiya Pratidin
New Update
নুমলীগড় ৰংবংৰ মহাপুৰুষীয়া পালনাম থানৰ সোণালী জয়ন্তী বৰ্ষ প্ৰতিষ্ঠা দিৱস...

numaligarh

ডিজিটেল সংবাদ, নুমলীগড় : ৰংবংস্থিত একশৰণ ভাগৱতী সমাজ, অসমৰ উদ্যোগত সোণালী জয়ন্তী বৰ্ষ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৫ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ জপ-যজ্ঞ, মহাপালনাম কীৰ্তনৰ কাৰ্যসূচী ৰূপায়ন কৰে।

Advertisment

সেই উপলক্ষে পুৱাৰে পৰা ভকত বৈষ্ণৱৰ উচাহ উদ্দীপনাৰ অন্ত নাই। পুৱাৰে পৰা নাম প্ৰসংগ, পালনাম কীৰ্তন আদিৰে আকাশ-বতাহ মুখৰীত হৈ পৰিছে হৰি নামৰ ধ্বনিত। আধ্যাত্মিক তথা ভক্তিৰসত বুৰ গৈছে সমগ্ৰ অঞ্চল।

ইয়াৰ সমান্তৰালকৈ অনুষ্ঠানৰ লগত সংগতি ৰাখি মৰিগাঁওৰ এজন বৈষ্ণৱপ্ৰাণ ভকত অনিল কুমাৰ ভূঞাৰ দ্বাৰা প্ৰকাশিত ভক্তি ৰত্নাৱলী গ্ৰন্থৰ কথাৰূপ "ভক্তি ৰত্নকথা" নামৰ এখন ধৰ্মগ্ৰন্থ শুভ উন্মোচন কৰে আচাৰ্য্য দেহেশ্বৰ বৰা বাপদেৱে ।

বিভিন্ন জিলা তথা প্ৰান্তৰপৰা ভকতৰ আগমন ঘটিছে মহাপুৰুষীয়া এই পালনাম থানলৈ। ভগৱানৰ ওচৰত সেৱা লৈ সকলোৰে মংগল কামনা কৰিছে ভকত বৈষ্ণৱে ।

আৰু পঢ়ক : টিহুৰ বালি হাইস্কুলৰ ৫৬ সংখ্যক বাৰ্ষিক অধিৱেশন, উলিওৱা হয় সাংস্কৃতিক শোভাযাত্ৰা...

assam numaligarh