কোকৰাঝাৰত আজিৰে পৰা আৰম্ভ ৰাজ্যিক হস্ততাঁত আৰু বস্ত্ৰমেলা

বিটিআৰৰ সদৰ কোকৰাঝাৰত মঙলবাৰৰ পৰা আৰম্ভ হৈছে ৰাজ্যিক হস্ততাঁত বস্ত্ৰ মেলা-২০২৩
কোকৰাঝাৰত আজিৰে পৰা আৰম্ভ ৰাজ্যিক হস্ততাঁত আৰু বস্ত্ৰমেলা

ডিজিটেল সংবাদ, কোকৰাঝাৰ:- বিটিআৰৰ সদৰ কোকৰাঝাৰত মঙলবাৰৰ পৰা আৰম্ভ হৈছে ৰাজ্যিক হস্ততাঁত বস্ত্ৰ মেলা-২০২৩ ৷ ব্ৰাফেড’ৰ উদ্যোগত কোকৰাঝাৰ চহৰৰ ৰাসমেলা পথাৰত ১৪ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা উক্ত মেলাৰ আজি মুখ্যদ্বাৰ উদঘাটন আৰু বন্তি প্ৰজ্বলনেৰে মুকলি কৰে কোকৰাঝাৰ পৌৰসভাৰ অধ্যক্ষা প্ৰতিভা ব্ৰহ্মই ৷

হস্ততাঁত বস্ত্ৰ মেলাৰ থিম পেভেলিয়ন মুকলি কৰে বেংগালুৰৰ Artisans Handlooms dev.corporation ৰ প্ৰতিষ্ঠাপক সভাপতি ড° এছ চন্দ্ৰ শেখৰে ৷ হস্ততাঁত বস্ত্ৰ মেলাখনত জন্মু কাশ্মীৰ, বিহাৰ, পশ্চিমবংগ আদিকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ উপৰিও অসম আৰু বিটিআৰ এলেকাৰ ৬৫টা বিপনীয়ে অংশগ্ৰহণ কৰে ৷

ব্ৰাফেডৰ ভাৰপ্ৰাপ্ত পৰিচালন সঞ্চালক ছানছুমৈ বসুমতাৰীয়ে কয় যে হস্ততাঁত বস্ত্ৰমেলাৰ জৰিয়তে বিশেষকৈ বিটিআৰ এলেকাৰ শিপিনী সকলে নিজে ঘৰতে তৈয়াৰ কৰা হস্ততাঁতৰ বিভিন্ন সাজ-পোছাক সমুহ বিক্ৰী কৰিবলৈ এক বজাৰ পাব । লগতে ইয়াৰ দ্বাৰা শিপিনী সকল যথেষ্ট উপকৃত হ'ব বুলি মন্তব্য কৰে তেওঁ ৷

হস্ততাঁতৰ ক্ষেত্ৰত বড়োলেণ্ড তথা কোকৰাঝাৰ ভাৰতৰ বাবে এক গৌৰৱ বুলি মন্তব্য কৰি ইয়াৰ শিপিনী সকলে ঘৰতে তৈয়াৰ কৰা হস্ততাঁতৰ সাজ পোছাক সমূহ বিদেশী বজাৰত বিক্ৰী কৰাৰ বাবে যাৱতীয় ব্যৱস্থা কৰি দিয়াৰ আশ্বাস দিয়ে ৷ উদ্বোধনী অনুষ্ঠানত হস্ততাঁতৰ বিষয়া জয়নাথ দৈমাৰী আৰু ব্ৰাফেডৰ হৰিভক্ত উপাধ্যায়কে ধৰি কেইবাগৰাকী বিষয়া উপস্থিত আছিল ৷

আৰু পঢ়ক: মৰ্মান্তিক! পত্নীৰ মৃত্যুৰ যন্ত্ৰণা সহ্য কৰিব নোৱাৰিলে স্বামীয়ে, একেখন চিতাতে দম্পতীৰ মুখাগ্নি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in