মৰ্মান্তিক! পত্নীৰ মৃত্যুৰ যন্ত্ৰণা সহ্য কৰিব নোৱাৰিলে স্বামীয়ে, একেখন চিতাতে দম্পতীৰ মুখাগ্নি...

মঙলবাৰে বঙাইগাঁও জিলাৰ বিলাসপুৰৰ বগুলামাৰী গাঁৱত এক আশ্চর্যজনক ঘটনা সংঘটিত হয় ।
মৰ্মান্তিক! পত্নীৰ মৃত্যুৰ যন্ত্ৰণা সহ্য কৰিব নোৱাৰিলে স্বামীয়ে, একেখন চিতাতে দম্পতীৰ মুখাগ্নি...

ডিজিটেল সংবাদ,বঙাইগাঁও : মঙলবাৰে বঙাইগাঁও জিলাৰ বিলাসপুৰৰ বগুলামাৰী গাঁৱত এক আশ্চর্যজনক ঘটনা সংঘটিত হয় । নিশা পত্নীৰ আকস্মিক মৃত্যুৰ যন্ত্ৰনা সহ্য কৰি নোৱাৰি পুৱা স্বামীয়েও মৃত্যুক সাৱতি লয় ।

একেখন চিতাতে জ্বলি উঠিল স্বামী - স্ত্ৰীৰ মৃতদেহ । দম্পতীহালৰ এই অস্বাভাৱিক মৃত্যুয়ে স্বামী-স্ত্ৰীৰ মাজত এক পবিত্ৰ প্ৰেমৰ সম্পৰ্ক জীয়াই ৰাখিছিল তাৰে বাস্তৱ নিদৰ্শন বুলি বিবেচিত হৈছে ।

প্ৰাপ্ত খবৰ অনুযায়ী সোমবাৰ নিশাৰ আঠ বজাত দুই নং বগুলামাৰী গাঁৱৰ বাসিন্দা ৰাসমোহন ৰায় চৌধুৰীৰ সহধৰ্মিনী গীতা ৰাণী চৌধুৰী (৬২) নিজেই নিশাৰ আহাৰ বনাই পৰিয়ালৰ লোকক পৰিৱেশন কৰি নিজৰ শোৱাকোঠাত যায় । তাৰ পিছতে হঠাতেই অসুস্থতা অনুভৱ কৰাত পুত্ৰই চিকিৎসালয়ত লৈ যোৱাৰ প্ৰস্তুতি আৰম্ভ কৰে কিন্তু দুৰ্ভাগ্যজনক ভাৱে চিকিৎসালয়ত লৈ যোৱাৰ আগতেই গীতা ৰাণী চৌধুৰীয়ে শেষ নিশ্বাস ত্যাগ কৰে ।

সহধৰ্মিণীৰ আকস্মিক মৃত্যুত শোকাহত হৈ পৰে পূৰ্বৰে পৰা শাৰীৰিক ভাৱে অসুস্থ স্বামী ৰাসমোহন ৰায় চৌধুৰী (৭০) । পুৱা দুই পুত্ৰ ক্ৰমে ৰঞ্জিত আৰু সঞ্জীৱ ৰায় চৌধুৰীয়ে নিকট আত্মীয় আৰু চুবুৰীয়াৰ সহযোগত মাতৃ গীতা ৰাণী চৌধুৰীৰ মৃতদেহ সৎকাৰৰ উদ্দেশ্য চম্পাৱতী নৈ ঘাট শ্মশানত যাত্ৰা আৰম্ভ কৰে ।

পত্নীৰ মৃতদেহ বাসগৃহৰ পৰা লৈ যোৱাৰ পিছতেই বিছনাত শুই থকা অৱস্থাত স্বামী ৰাসমোহন ৰায় চৌধুৰী অস্বাভাৱিক আচৰণ কৰিবলৈ আৰম্ভ কৰে ।ইপিনে মাতৃ গীতাৰাণী ৰায় চৌধুৰীৰ মৃতদেহ শ্মশান গৈ পোৱাৰ আগতেই অৰ্থ্যাৎ আধা বাটতে পুত্ৰ ৰঞ্জিত ৰায় চৌধুৰীয়ে খবৰ লাভ কৰে ঘৰত অসুস্থ পিতৃৰ কথা।

লগে লগে মাতৃৰ মৃতদেহ শ্মশানতে এৰি থৈ আত্মীয় স্বজনক লগত লৈ ঘৰত উপস্থিত হোৱাৰ আগতেই পিতৃ ৰাসমোহন ৰায় চৌধুৰীয়ে শেষ নিশ্বাস ত্যাগ কৰে ।

শ্মশান ঘাটত একেলগে পিতৃ-মাতৃৰ মৃতদেহ ৰখাৰ পিছত দুই পুত্ৰ, তিনি কন্যা আৰু নিকট আত্মীয় সহ গাওঁবাসীৰ মাজত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় । পৰম্পৰাগত ধৰ্মীয় ৰীতি নীতিৰ মাজত স্বামী -স্ত্ৰীৰ মৃতদেহ একেখন চিতাতে তুলি দি মুখাগ্নি কৰে পুত্ৰ সহ আত্মীয় স্বজন সকলে ।

এক হৃদয়বিদাৰক দৃশ্যই শ্মশানত উপস্থিত থকা লোক সকলৰ শোকাহত কৰি তোলা দেখা যায় । মাত্ৰ কেইটামান ঘন্টাৰ ব্যৱধানত এই স্বামী-স্ত্ৰী হালৰ অস্বাভাৱিক মৃত্যুৰ বাতৰিয়ে স্থানীয় ৰাইজৰ মাজত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় । সমগ্র বগুলামাৰী অঞ্চলত শোকৰ ছাঁ নামি পৰে ।

আৰু পঢ়ক: স্বৰ্ণ মন্দিৰ দৰ্শন কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in