কোকৰাঝাৰৰ উপায়ুক্তাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগঃ সামান্য কথাতে প্ৰহাৰ কৰিলে কৰ্মচাৰীক...

কোকৰাঝাৰৰ উপায়ুক্তাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগঃ সামান্য কথাতে প্ৰহাৰ কৰিলে কৰ্মচাৰীক...
কোকৰাঝাৰৰ উপায়ুক্তাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগঃ সামান্য কথাতে প্ৰহাৰ কৰিলে কৰ্মচাৰীক...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ উপায়ুক্তৰ বিৰুদ্ধে এক ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে । কোকৰাঝাৰ জিলা উপায়ুক্ত বৰ্ণালী ডেকাই এগৰাকী বয়োজ্যেষ্ঠ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

জিলা উপায়ুক্ত বৰ্ণালী ডেকাৰ হাতত শাৰীৰিক ভাৱে প্ৰহৃত হোৱা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীগৰাকী হ'ল দীপক দাস। আজি সংবাদমাধ্যমৰ আগত প্ৰহৃত হোৱা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দীপক দাসে কয় যে, সামান্য কথাতে জিলা উপায়ুক্তই তেওঁক প্ৰহাৰ কৰে ।

জিলা উপায়ুক্তগৰাকীৰ খাদ্য সামগ্ৰী কেৰিবেগত নিনিয়াৰ বাবেই প্ৰথমে খাদ্যসামগ্ৰী থকা হটকেচৰ ঢাকোন খুলি তেওঁৰ গালৈ দলিয়ায় আৰু তাৰপিছতে প্ৰহাৰ কৰে বুলি চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দীপক দাসে অভিযোগ কৰিছে । তদুপৰি বয়োজ্যেষ্ঠ কৰ্মচাৰীজনক বহুসময় ধৰি থিয় কৰাই ৰাখি শাস্তি প্ৰদান কৰা বুলিও অভিযোগ উঠিছে।

জিলা উপায়ুক্তৰ প্ৰহাৰত আহত হোৱা কৰ্মচাৰী দীপক দাস বৰ্তমান কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।ইপিনে উক্ত ঘটনাক লৈ ক্ষোভ প্ৰকাশ কৰিছে কৰ্মচাৰীগৰাকীৰ পত্নী আৰু কন্যাই । তেওঁলোকে জিলা উপায়ুক্তই কৰ্মচাৰীক প্ৰহাৰ কৰাৰ অধিকাৰ ক'ত পালে বুলিও প্ৰশ্ন উত্থাপন কৰি কান্দি কান্দি ন্যায় প্ৰদানৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত কাতৰ আহ্বান জনাইছে ৷

উল্লেখ্য যে, আই এ এছ বিষয়া বৰ্ণালী ডেকাই ইয়াৰ পূৰ্বেও কাৰ্যালয়ৰ কৰ্মচাৰীসকলক মানসিক হাৰাশাস্তি আৰু দমন নীতিৰে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। ইফালে উপায়ুক্ত কাৰ্যালয়ৰে আন এগৰাকী কৰ্মচাৰীয়েও আজি হাৰাশাস্তিৰ অনুৰূপ অভিযোগ উত্থাপন কৰে ।

জিলা উপায়ুক্তাই কৰ্মচাৰীৰ মূৰ ফালি দিয়াৰ হুমকি প্ৰদান কৰা বুলিও অভিযোগ উত্থাপিত হৈছে। জিলা উপায়ুক্তৰ এনে অপকাণ্ডক লৈ কোকৰাঝাৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । অৱশ্যে জিলা উপায়ুক্তা বৰ্ণালী ডেকাই সমগ্ৰ ঘটনা অস্বীকাৰ কৰিছে ।

কোকৰাঝাৰৰ উপায়ুক্তাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগঃ সামান্য কথাতে প্ৰহাৰ কৰিলে কৰ্মচাৰীক...
কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ পঞ্চদশ দ্বি-বাৰ্ষিক অধিবেশনঃ স্মৃতিগ্ৰন্থ উন্মোচন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in