কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ পঞ্চদশ দ্বি-বাৰ্ষিক অধিবেশনঃ স্মৃতিগ্ৰন্থ উন্মোচন...

কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ পঞ্চদশ দ্বি-বাৰ্ষিক অধিবেশনঃ স্মৃতিগ্ৰন্থ উন্মোচন...

author-image
Asomiya Pratidin
New Update
কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ পঞ্চদশ দ্বি-বাৰ্ষিক অধিবেশনঃ স্মৃতিগ্ৰন্থ উন্মোচন...

কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ পঞ্চদশ দ্বি-বাৰ্ষিক অধিবেশনঃ স্মৃতিগ্ৰন্থ উন্মোচন...

ডিজিটেল সংবাদ ধমধমাঃ 'গ্ৰন্থৰ বুকুতে কালজয়ী ইতিহাস ৰচনা হয়। গ্ৰন্থ জ্ঞানগংগাৰ বোৱতী সূঁতি। বিশেষকৈ মাতৃভাষাত ৰচিত প্ৰতিখন গ্ৰন্থ অতুল্য।' সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ পঞ্চদশ দ্বি-বাৰ্ষিক অধিবেশনত স্মৃতিগ্ৰন্থ উন্মোচন কৰি এই মন্তব্য আগবঢ়ায় বিশিষ্ট নাট্যকাৰ, সাহিত্যিক তথা নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই।

Advertisment

নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেলৰ অধ্যক্ষ, বিশিষ্ট সমাজ সেৱী গনেশ তামুলীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সুবক্তা শৰ্মাই আকৌ কয় যে, ঋকবেদত ক্ষত্ৰিয় কুলৰ ঋষি বিশ্বামিত্ৰই ৬২ সুক্ত ৰচনা কৰিছিল। তেওঁৰ পুত্ৰ মধুছন্দাই ঋকবেদৰ প্ৰথম মন্ত্ৰৰ ৰচয়িতা। বাসুদেৱ কৃষ্ণৰ অৱতাৰী ৰূপ ক্ষত্ৰিয় কুলতে হৈছিল। সেয়ে ভাৰতীয় সভ্যতা, সংস্কৃতিৰ বহমান গতিধাৰাত ক্ষত্ৰিয়সকলৰ যথেষ্ট পৰিমাণে অৱদান আছে।ক্ষত্ৰিয়ৰ এটা ঠাল অসমৰ কলিতা আলপাইন সমাজ অসমৰ প্ৰাচীনতম নৃগোষ্ঠীয় খিলঞ্জীয়া।

দিলজিত বৰ্মনে সম্পাদনা কৰা প্ৰায় ডেৰশ পৃষ্ঠাৰ স্মৃতিগ্ৰন্থ উন্মোচন অনুষ্ঠানটোৰ আঁতধৰে আদৰণি সমিতিৰ সম্পাদক নয়ন কলিতাই। প্ৰায় বিশ মিনিট সময় ভাষণ ৰাখি ৰাইজক আপ্লুত কৰা শৰ্মাই ভাষণ প্ৰসংগত ড০ বাণীকান্ত কাকতি, ড০ মহেশ্বৰ নেওগৰ উদাহৰণ দাঙি ধৰি আকৌ কয়, অসম ভূখণ্ডত কলিতা আলপাইন সমাজৰ অৱদান অনবদ্য। অসমৰ ভাষা সাহিত্য, সংস্কতিৰ ক্ষেত্ৰত এই জনগোষ্ঠীৰ অলেখ কাণ্ডাৰীয়ে জাতীয় জীৱন সমৃদ্ধিশালী কৰিছে।

অনুষ্ঠানত ৰাজ্যিক পৰিবহণ নিগমৰ উপাধ্যক্ষ প্ৰনৱ জ্যোতি লহকৰ, সন্মিলনৰ সভাপতি ডাঃ ৰমেন কাকতি, স্মৃতি গ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি নগেন কলিতা, আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি ভুৱনেশ্বৰ কলিতা আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

ইয়াৰ আগেয়ে কুমাৰ ভাস্কৰ বৰ্মাৰ সমসাময়িক সমাজৰ ওপৰত এখন বিশ্লেষণাত্মক আলোচনা চক্ৰ অনুষ্ঠিত হয়। নলবাৰী কলেজৰ অধ্যক্ষ ড০ কমল নয়ন পাটোৱাৰীৰ সঞ্চালনাত আয়োজন কৰা এই আলোচনা সত্ৰত লেখক ভাস্কৰ বৰদলৈ, বিশ্লেষক ড০ দেৱজিৎ মহন্ত আদি ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।

Also Read: বাতৰি কাকত যোগনীয়াৰৰ পুত্ৰৰ কৃতিত্ব...

কলিতা জনগোষ্ঠী কলিতা আলপাইন