পকচো আইনৰ অধীনত কোকৰাঝাৰত দোষীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড...

পকচো আইনৰ অধীনত কোকৰাঝাৰত দোষীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড...

author-image
Asomiya Pratidin
New Update
পকচো আইনৰ অধীনত কোকৰাঝাৰত দোষীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড...

ডিজিটেল সংবাদ,কোকৰাঝাৰৰ: নাবালিকাক পলুৱাই নি বলপূৰ্বক ধৰ্ষণ কৰাৰ অপৰাধত বঞ্জিত দাস নামৰ এজন লোক দোষী সাব্যস্ত হয়। মঙলবাৰে কোকৰাঝাৰ বিশেষ আদালতৰ জয়দেৱ কোচৰ বিশেষ আদালতে বঞ্জিত দাস সন্দৰ্ভত ৰায়দান দিয়ে। সেইমৰ্মে কোকৰাঝাৰ বিশেষ আদালতে দোষী বঞ্জিত দাসক পকচো আইনৰ ধাৰা ৬ অনুসৰি ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ১০ হাজাৰ টকাৰ জৰিমনা বিহে।

Advertisment

জৰিমনা অনাদায়ে অতিৰিক্ত দুমাহ কাৰাদণ্ড খাটিব লাগিব বুলি ৰায়দানত উল্লেখ কৰে। তদুপৰি উক্ত গোচৰৰ লগত সংলগ্ন থকা আন এটা গোচৰত তিনি বছৰ কাৰাদণ্ড আৰু দুই হাজাৰ টকা জৰিমনা বিহে জয়দেৱ কোচৰ আদালতে। কোকৰাঝাৰ জিলাৰ বগৰীবাৰী থানাত ৰুজু হোৱা গোচৰ নং ১২৬/১৯ আৰু বিশেষ গোচৰ ২১/২০ অধীনত উক্ত ৰায়দান প্ৰদান কৰা হয় ।

উল্লেখ্য যে বঞ্জিত দাসে ২০১৯ চনৰ ৯ অক্টোবৰত এগৰাকী নাবালিকাক পলুৱাই নি বলপূৰ্বক ধৰ্ষণ কৰিছিল ৷ নিৰ্যাতিতাৰ পিতৃয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত বগৰীবাৰী থানাত গোচৰ ৰুজু কৰা হৈছিল। আৰক্ষীয়ে নাবালিকা গৰাকীক দুমাহৰ অন্তত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ৷

Also Read: ৰূপনাথ অসামৰিক চিকিৎসালয় স্থানান্তৰৰ বিৰোধীতাৰে কোকৰাঝাৰত প্ৰতিবাদ

kokrajhar pocso act