ড° শোভা ব্ৰহ্ম সংগীত আৰু চাৰুকলা মহাবিদ্যালয়ৰ নতুন ভাৰপ্ৰাপ্ত অধ্যক্ষ নিযুক্তি

ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত অৱশেষত আঁতৰিল ড° শোভা ব্ৰহ্ম সংগীত আৰু চাৰুকলা মহাবিদ্যালয়ৰ অধ্যক্ষ লাৰলী ব্ৰহ্ম ।

author-image
Asomiya Pratidin
New Update
ড° শোভা ব্ৰহ্ম সংগীত আৰু চাৰুকলা মহাবিদ্যালয়ৰ নতুন ভাৰপ্ৰাপ্ত অধ্যক্ষ নিযুক্তি

ডিজিটেল সংবাদ, কোকৰাঝাৰ: ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত অৱশেষত আঁতৰিল ড° শোভা ব্ৰহ্ম সংগীত আৰু চাৰুকলা মহাবিদ্যালয়ৰ অধ্যক্ষ লাৰলী ব্ৰহ্ম ।

Advertisment

মহাবিদ্যালয়খনৰ অধ্যক্ষ লাৰলী ব্ৰহ্মৰ বিৰুদ্ধে প্ৰতিবাদ সাৱস্ত কৰিছিল ছাত্ৰ-ছাত্ৰীসকলে ৷অধ্যক্ষা লাৰলী ব্ৰহ্মক অপসাৰণৰ দাবী তুলিছিল ছাত্ৰ -ছাত্ৰীসকলে ৷

ছাত্ৰ -ছাত্ৰীৰ প্ৰতিবাদত সেও মানি বিটিচি প্ৰশাসনে অধ্যক্ষ পদৰ পৰা আঁতৰালে লাৰলী ব্ৰহ্মক ।

বিটিচিৰ প্ৰশাসনৰ উচ্চস্তৰীয় দলে মহাবিদ্যালয়খন পৰিভ্ৰমন কৰাৰ পিছতেই উক্ত সিদ্ধান্ত ।

বৃহস্পতিবাৰে বিটিচিৰ মুখ্য সচিব অনুৰাগ গোৱেল স্বাক্ষৰিত এক নিৰ্দেশযোগে এই সিদ্ধান্ত গ্ৰহণ কৰে।

ড° শোভা ব্ৰহ্ম সংগীত আৰু চাৰুকলা মহাবিদ্যালয়ৰ নতুন ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে নিযুক্তি লৌহৌৰ লৌহৌৰ মুছাহাৰীক । পূৰ্বৰ অধ্যক্ষ লাৰলী ব্ৰহ্মক সাংস্কৃতিক কেন্দ্ৰলৈ চিডিঅ' হিচাপে বদলি ।

আৰু পঢ়ক: অংকিতা দত্তক অপসাৰণ কৰা সন্দৰ্ভত কি কলে প্ৰদেশ কংগ্ৰেছে?

assam kokrajhar