অংকিতা দত্তক অপসাৰণ কৰা সন্দৰ্ভত কি কলে প্ৰদেশ কংগ্ৰেছে?

কংগ্ৰেছ নেত্ৰী ড০ অংকিতা দত্তক যুৱ কংগ্ৰেছৰ সভাপতি পদৰ পৰা অপসাৰণ কৰাৰ খবৰ প্ৰকাশ পোৱাৰ পাছতেই বিভিন্ন জনে প্ৰতিক্ৰিয়া আৰম্ভ কৰিছে।

author-image
Asomiya Pratidin
New Update
কম সময়ৰ ভিতৰতে কাৰণ দৰ্শোৱাৰ জাননী অংকিতা দত্তলৈ, দলৰ পৰা বহিষ্কাৰ কৰাৰ সম্ভাৱনা

ডিজিটেল ডেস্ক: কংগ্ৰেছ নেত্ৰী ড০ অংকিতা দত্তক যুৱ কংগ্ৰেছৰ সভাপতি পদৰ পৰা অপসাৰণ কৰাৰ খবৰ প্ৰকাশ পোৱাৰ পাছতেই বিভিন্ন জনে প্ৰতিক্ৰিয়া আৰম্ভ কৰিছে।

অভিযোগ অনুসৰি যুৱ কংগ্রেছৰ সভাপতি পদৰ পৰা অপসাৰণ কৰা হৈছে অংকিতা দত্তক । কিন্তু এই কথাৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

এক বিবৃতিত বৰাই কয় যে,অসম যুৱ কংগ্ৰেছৰ সভানেত্ৰী সম্পৰ্কত একাংশ সংবাদ মাধ্যমে এক অপপ্ৰচাৰ চলাই আছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা সদায় যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তৰ দৰে যুৱনেত্ৰীৰ পক্ষত আছে।

বৰাই কয় যে ভাৰতীয় যুৱ কংগ্ৰেছ এটি স্বতন্ত্ৰ সংগঠন। এই মুহুৰ্তলৈকে অংকিতা দত্ত সম্পৰ্কে কোনো আলোচনা প্ৰদেশ কংগ্ৰেছৰ সৈতে কৰা নাই বা তেওঁৰ সম্পৰ্কে কোনো সিদ্ধান্ত গ্ৰহণৰ কথাও অসম প্ৰদেশ কংগ্ৰেছ কমিটীক ভাৰতীয় যুৱ কংগ্ৰেছে অৱগত কৰা নাই বুলি কয়।

আৰু পঢ়ক: মাত্ৰ ১০ টকাৰ বাবে বন্ধুক নৃশংসভাৱে হত্যা...

assam congress