হাইস্কুল শিক্ষান্ত পৰীক্ষাত কোকৰাঝাৰৰ দৰিদ্ৰ পৰিয়ালৰ সন্তান বিজিত কুমাৰ ৰায়ৰ চমক

হাইস্কুল শিক্ষান্ত পৰীক্ষাত কোকৰাঝাৰ জিলাই ৬৬.৪০ শতাংশ উত্তীৰ্ণৰে নিম্নগামী ফলাফল প্ৰদৰ্শন কৰিছে

author-image
Asomiya Pratidin
New Update
হাইস্কুল শিক্ষান্ত পৰীক্ষাত কোকৰাঝাৰৰ দৰিদ্ৰ পৰিয়ালৰ সন্তান বিজিত কুমাৰ ৰায়ৰ চমক

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ - হাইস্কুল শিক্ষান্ত পৰীক্ষাত কোকৰাঝাৰ জিলাই ৬৬.৪০ শতাংশ উত্তীৰ্ণৰে নিম্নগামী ফলাফল প্ৰদৰ্শন কৰিছে । ইয়াৰ মাজতে এগৰাকী অতি দৰিদ্ৰ পৰিয়ালৰ সন্তানে ৬টা বিষয়তে লেটাৰ নম্বৰেৰে আশাপ্ৰদ সফলতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।

Advertisment

মাথোঁ কেইটামান নম্বৰৰ বাবে স্থানপ্ৰাপ্তিৰ পৰা বঞ্চিত হোৱা কোকৰাঝাৰ জিলাৰ বালাজান তিনালী নিৱাসী গোৱিন্দ ৰায় আৰু হীৰা ৰায়ৰ সন্তান বিজিত কুমাৰ ৰায়ে অসমীয়াত ৯৪ , ইংৰাজীত ৯০, সাধাৰণ গণিতত ৯৫, সাধাৰণ বিজ্ঞানত ৮৮ , সমাজ বিজ্ঞানত ৯৪ আৰু হিন্দীত ৮৭ নম্বৰ লাভ কৰিছে । সৰ্বমুঠ ৬০০ নম্বৰৰ ভিতৰত ৫৪৮ নম্বৰ লাভ কৰি অৰ্থাৎ ৯১.৩৩ শতাংশ নম্বৰ লাভ কৰি বিজিত কুমাৰ ৰায়ে কৰি ডিষ্টিংচন লাভ কৰিছে ।

উল্লেখ্য যে মেধাৱী ছাত্ৰ বিজিত কুমাৰ ৰায়ৰ পিতৃ গোৱিন্দ ৰায় দিন মজুৰি কৰি সন্তানক পোহপাল দি আছে । মিস্ত্ৰীৰ সহযোগী হিচাপে কাম কৰা গোৱিন্দ ৰায়ৰ পুত্ৰ বিজিত কুমাৰ ৰায়ৰ সাফল্যত পিতৃ -মাতৃ আৰু ওচৰ চুবুৰীয়াই আনন্দ প্ৰকাশ কৰিছে । ভৱিষ্যতে বিজিত কুমাৰ ৰায়ে চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে আৰু সদ্যহতে কোকৰাঝাৰৰ এখন কলেজত বিজ্ঞান শাখাত নামভৰ্তি কৰিব বুলি সদৰি কৰিছে ।

অৱশ্যে এইক্ষেত্ৰত আৰ্থিক দৈন্যতাই সমস্যাৰ সৃষ্টি কৰিব বুলি পিতৃ-মাতৃয়ে আশাংকা প্ৰকাশ কৰে । মেধাৱী ছাত্ৰ বিজিত কুমাৰ ৰায়ে সদৰি কৰা মতে তেওঁৰ পঢ়াৰ কোনো নিৰ্দিষ্ট সময়-সীমা নাছিল আৰু যেতিয়াই সময় পাইছিল তেতিয়াই পঢ়িছিল। তেওঁৰ সফলতাৰ আঁৰত পিতৃ -মাতৃ আৰু নিজে পঢ়া গৌৰাং হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ অৱদান আছে বুলি সদৰি কৰি আজৰি পৰত ছবি আঁকি ভাল পায় বুলি মন্তব্য কৰিছে।

প্ৰণিধানযোগ্য যে কোকৰাঝাৰ জিলাৰ পৰা ১৫৬৮৯ গৰাকী পৰীক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অবতীৰ্ণ হৈছিল আৰু ইয়াৰে ১০৪১৭ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে । উত্তীৰ্ণৰ হাৰ ৬৬.৪০ শতাংশ। উত্তীৰ্ণৰ ভিতৰত ২০৩১ গৰাকীয়ে প্ৰথম বিভাগত , ৫২৬০ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ৩১২৬ গৰাকী পৰীক্ষাৰ্থীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে।

Also Read: প্ৰথম স্থান লাভ কৰা হৃদমে কোন বিষয়ত কিমান নম্বৰ পালে?

kokrajhar hslc