প্ৰথম স্থান লাভ কৰা হৃদমে কোন বিষয়ত কিমান নম্বৰ পালে?

হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰা ঢেকিয়াজুলিৰ হৃদম ঠাকুৰীয়াই মুঠ ৬০০ নম্বৰৰ ভিতৰত ৫৯৬ নম্বৰ লাভ কৰিছে

author-image
Asomiya Pratidin
New Update
প্ৰথম স্থান লাভ কৰা হৃদমে কোন বিষয়ত কিমান নম্বৰ পালে?

ডিজিটেল ডেস্কঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰা ঢেকিয়াজুলিৰ হৃদম ঠাকুৰীয়াই মুঠ ৬০০ নম্বৰৰ ভিতৰত ৫৯৬ নম্বৰ লাভ কৰিছে। ছাত্ৰ গৰাকীয়ে ইংৰাজীত ১০০ৰ ভিতৰত ১০০ নম্বৰ, গণিতত ১০০ৰ ভিতৰত ১০০ নম্বৰ পোৱাৰ উপৰিও সমাজ বিজ্ঞান আৰু ঐচ্ছিক গণিতত ১০০ ৰ ভিতৰত ১০০ নম্বৰেই লাভ কৰিছে।

Advertisment

তেওঁ অসমীয়াত ১০০ ৰ ভিতৰত ৯৮ আৰু সাধাৰণ বিজ্ঞানত ১০০ৰ ভিতৰত ৯৮ নম্বৰ পাইছে। ইফালে এই ফলাফল লাভ কৰা যথেষ্ঠ আনন্দিত ঠাকুৰীয়া। এই ফলাফল তেওঁৰ বাবে সপোন সদৃশ বুলি উল্লেখ কৰি মেধাৱী ছাত্ৰ গৰাকীয়ে কয়- ''মই বৰ আনন্দিত।প্ৰথম স্থান পাম বুলি ভবা নাছিলো। প্ৰথম স্থান পোৱাতো এটা সপোনৰ দৰে লাগিছে।

পৰীক্ষাৰ সময়ত যি খেলিমেলি হৈছিল সেইখিনিৰ পৰা কেতিয়াও হতাশ হোৱা নাছিলো। মাত্ৰ পঢ়িছিলো। মোৰ পঢ়িয়েই ভাল লাগে সেইবাবে মাত্ৰ পঢ়িছিলো । মা-দেউতাই পঢ়া টেবুলৰ পৰা উঠি আহ বুলি ক'লেও মই মাত্ৰ পঢ়িছিলো। ঘন্টা হিচাপ কৰি কেতিয়াও পঢ়া নাই মই''।

result hslc