কবিতা ১৪৩/ নৱবৰ্ষ এটা কবিতা হৈ থাকক

author-image
Asomiya Pratidin
New Update
কবিতা ১৪৩/ নৱবৰ্ষ এটা কবিতা হৈ থাকক

- ইকবাল হোচেইন খান

Advertisment

নৱ উদ্যম

এটা কবিতা হ'বই পাৰে

আশাবোৰ ৰূপান্তৰ হ'ব পাৰে দিঠকলৈ

যদি কৰ্মই হাঁড়িয়া পান নকৰে ।

নৱবৰ্ষ এটা কবিতা হ'বই

য'ত মানুহে বিচাৰি পাব নতুন উদ্যম,নতুন চেতনা, নতুন ভাৱনা, কৰ্ম সংস্কৃতি, নৱ নৱ প্ৰেৰণা ।

আহক আমি হৈ যাওঁ নতুনৰ পূজাৰী

বসন্তময় হৈ পৰক সময়

আহক আমি পান কৰোঁ মদিৰা ,কৰ্মৰ মদিৰা

য'ত বিচাৰি পাওঁ মানৱতাৰ নিচা

সংকীৰ্ণতাই মেলানি মাগিব

অমূলক কথা বাদ পৰিব

মানুহৰ মন-মগজুত জন্ম ল'ব নতুন নতুন কথা

জীৱনৰ কথা পৰিৱৰ্তনৰ কথা ।

সেইবাবেই নে নতুন হৈ আহে নৱবৰ্ষ !

আহক উদযাপন কৰোঁ নৱবৰ্ষ

মানুহৰ কল্যাণৰ স্বাৰ্থত

কোমলতা আনন্দ হৈ থাকক

জীৱন আশাৰ বাৰ্তা হৈ থাকক

বিশাল ভাৱনা কবিতাৰ ছন্দ হৈ পৰক

মানুহৰ কথাই হওক নৱবৰ্ষ

জীৱনৰ কথাই নৱবৰ্ষ ।

আৰু পঢ়ক : কবিতা ১৪২/ একত্ৰিশ ডিচেম্বৰ

assamese poem