/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/ab5c6895-e420-4f8a-b699-fef459a5b4ef/KOBITA.jpeg)
- হেমন্ত কুমাৰ গোস্বামী
একত্ৰিশ ডিচেম্বৰত শেষ হয় ডায়েৰীৰ পৃষ্ঠা,
শেষ হয় বছৰৰ একোটা সংখ্যা ;
শেষ হয় কেলেণ্ডাৰত তিনিশ পয়ষষ্ঠীটা দিন ,
শেষ হয় বাৰ মাহৰ হৰ্ষ-বিষাদৰ গীত ।
একত্ৰিশ ডিচেম্বৰত বয়স বাঢ়ে আৰু আয়ুস টুটে ,
হতাশা বাঢ়ে আৰু আশাবোৰ টুটে ,
একত্ৰিশ ডিচেম্বৰত বাঢ়ে আৰু টুটে
জীৱনৰ যোগ-বিয়োগ ।
একত্ৰিশ ডিচেম্বৰত পুৰণি হয় পূৰ্বৰ পৰিকল্পনা ,
পুৰণি হয় পৰিয়াল-পৰিজন ,
পুৰণি হয় সময়ৰ মান ;
একত্ৰিশ ডিচেম্বৰত সকলোৰে বুকুৰ মাজত বিষাদৰ এটা গান
একত্ৰিশ ডিচেম্বৰত ব্যস্ততা বাঢ়ে বজাৰত ,
ব্যস্ততা বাঢ়ে আখলত ,
ব্যস্ততা বাঢ়ে হস্পিটালত আৰু ডাক্তৰৰ চেম্বাৰত ;
মটৰ চাইকেল আৰু গাড়ীবোৰৰ বাঢ়ে গতি ,
পিতৃ-মাতৃ-পত্নী-ভগ্নীৰ টোপনি নাহে ৰাতি ।
একত্ৰিশ ডিচেম্বৰ মানে এটা বনভোজ ,
এটা বনৰীয়া চিঞৰ অথবা সুহুৰি ,
একত্ৰিশ ডিচেম্বৰ মানে এটা বিদায়-উৎসৱ ,
পোৱা-নোপোৱাৰ কিছু সোঁৱৰণি ।
একত্ৰিশ ডিচেম্বৰ মানেই এটা নতুন বছৰৰ আগমনৰ আগজাননী ,
এটা নতুন সপোনৰ উকমুকনি ,
কিছুমান নতুন পৰিকল্পনাৰ আঁচনি ,
জীৱনক নতুনকৈ সজোৱাৰ প্ৰৱল প্ৰস্তুতি ।
আৰু পঢ়ক : কবিতা ১৪১/মোৰ আই