কবিতা ১৪১/ মোৰ আই

author-image
Asomiya Pratidin
New Update
কবিতা ১৪১/ মোৰ আই

- ভদ্ৰেশ্বৰ বড়ো

Advertisment

কেঁকুৰীটোত ভুমুকি মাৰি

ঢপলিয়াই আহিছিল নৈখন

নৈখন মোৰ আজন্মৰ চিনাকি

মাৰ গৰ্ভত থাকোতেই শিয়ঁৰি উঠিছিলো

কি যে অনুপম সেই সুশীতল অনুভূতি !!

নৈৰো চাগে খং উঠে কেতিয়াবা

যিদৰে খং উঠে মোৰ আইৰ

সেইবুলি নৈক তো বেয়া পাব নোৱাৰি

যিদৰে বেয়া পাব নোৱাৰি আপোন আইক

মোৰ আইৰ বুকুতো আছিল এখন নদী

দোভাগ নিশা নীৰৱে বৈ গৈছিল মূৰ শিতানেদি

জুপুকা মাৰি ৰোৱা আই এতিয়া

ৰূপালী চাদৰে দুপাৰ ঢকা

এখন তৰাং তন্বী নৈ !

আয়ে কান্দিলে আজিও নৈখন বৈ আহে

আইৰ বুকুৰ পৰা মোৰ বুকুলৈ অহৰহ

নৈ এখন বৈ আহে ৷

আৰু পঢ়ক : কবিতা ১৪০/ ' একাঁজলি শ্ৰদ্ধাঞ্জলি

assamese poem