/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5b208f63-345b-4c17-9847-798b806f887c/KOBITA.jpeg)
কবিতা
(আজি ২৪ ডিচেম্বৰ। পদ্মশ্ৰী নলিনী বালা দেৱীৰ মৃত্যু তিথি। তেখেতৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি লিখা এই কবিতাটো আজি কবিতা শিতানত প্ৰকাশ কৰা হৈছে।)
ৰঞ্জিতা বৰদলৈ
তুমি মহাশ্বেতা
তুমি মহীয়সী
জ্যেষ্ঠা কন্যা তুমি
কৰ্মবীৰ নবীনচন্দ্ৰৰ
প্ৰথম মহিলা পদ্মশ্ৰী তুমি
প্ৰথম মহিলা সভাপতি তুমি সাহিত্য সভাৰ
প্ৰথম অসমীয়া মহিলা কবি ৰূপে
সাহিত্য একাডেমী বটাঁৰে সন্মানিত তুমি
বৈ গ'ল 'অলকানন্দা 'সকলোৰে হিয়াই হিয়াই
আৰু পালা তুমি উপাধি ' কাব্যভাৰতী ' !
নিচেই কম বয়সতে
বৈধ্ব্য যন্ত্ৰণা আৰু পুত্ৰ শোকত
জৰ্জৰিত আছিলা তুমি
তথাপিও প্ৰত্যাহ্বান জনাই
মানসিক আঘাতক
নহ'লাযে তুমি বিচলিত
জীৱনৰ কাৰুণ্যইতো
তোমাক কৰিলে প্ৰতিষ্ঠিত
সজাই তুলিলে তোমাক
অতিন্দ্ৰিয়বাদী কবি সাহিত্যিক ৰূপে !
তুমিয়েইতো ৰচিছিলা 'পিতা ' কবিতা
পখিলা খেদা বয়স দহ বছৰতে !
কৰিলা উন্নীত
ব্যক্তিগত বিষাদ - বিচ্ছেদ
আধ্যাত্মিক বিষাদ-বিচ্ছেদলৈ
একাগ্ৰতা আৰু ঐকান্তিকতাৰে !
নোলোৱাকৈয়েই ঔপচাৰিক শিক্ষা
ইমানযে জ্ঞানী তুমি
সেয়ে তুমি আমাৰ নমস্য সকলোৰে !
স্বদেশ প্ৰীতিযে তোমাৰ হৃদয়ৰ ৰন্ধ্ৰে ৰন্ধ্ৰে ৰঞ্জিত
ৰহস্যবাদ তোমাৰ লিখনিৰ কোণে কোণে খোদিত !
নিজ গুণেৰে মহীয়ান তুমি
পদুমৰ পাহিৰে সুশোভিত তুমি
সেয়ে তোমাৰ নাম নলিনী
আমাৰ সকলোৰে হিয়াৰ আমঠু নলিনীবালা !
তোমাৰ প্ৰয়াণ দিৱসত সশ্ৰদ্ধ প্ৰণাম তোমালৈ
আৰু পঢ়ক: