কবিতা ১৩৯/ ছৈয়দ আব্দুল মালিকৰ উপলব্ধিত পমি যাওঁ

author-image
Asomiya Pratidin
New Update
কবিতা ১৩৯/ ছৈয়দ আব্দুল মালিকৰ উপলব্ধিত পমি যাওঁ

- ইকবাল হোচেইন খান

Advertisment

সংকীৰ্ণতাৰ খামখেয়ালত

কবিতাবোৰ দমে দমে মৰি আছে

জাতি-প্ৰেমৰ প্লাৱন নামি আহক

ধূই নিবলৈ সংকীৰ্ণতা

হৃদয়ে হৃদয়ে হওক মিলন

সুৰক্ষিত হওক আইৰ জাতি, মাটি, ভেটি

কবিতাৰ জয় হওক

কোমল কোমল ভাৱনা শৰতৰ দৰেই

মিঠা মিঠা অনুভৱ হওক, জাতি-প্ৰেমত মুগ্ধ হৈ থাকক

আইৰ স্বাৰ্থতেই

শত-সহস্ৰ চেতনাৰ উপলব্ধি গঢ়ি উঠক

এয়াই হওক সময়ৰ কথা

এয়াই জীৱনৰ ভাষা

জয় আই অসম জীৱন দৰ্শন হওক

আহক আমি পমি যাওঁ

ছৈয়দ আব্দুল মালিকৰ উপলব্ধিত

" দেহে অসমীয়া, প্ৰাণে অসমীয়া ।"

তেহেহে অনন্য হ'ম বিশ্বত

আমি অসমীয়া

" জীৱনে- মৰণে আমি অসমীয়া ।"

আমাৰ প্ৰতিটো চিন্তা, প্ৰতিটো খোঁজ ,

প্ৰতিটো কৰ্ম আইৰ উজ্জ্বলতাৰ হাঁহি হৈ থাকক

আনন্দ তিনি কালৰ ,আনন্দ বৈ থাকক জাতি-প্ৰেমৰ

তাৰবাবেই আহক দলিয়াই দিওঁ সংকীৰ্ণতাৰ পোচাক

ত্যাগত আছে যে জীৱনৰ আনন্দ

সেয়া মাতক সকলোকে ।

আৰু পঢ়ক : কবিতা ১৩৮/ মেলিনা লৈ

assamese poem