কবিতা ১৩৮/ মেলিনা লৈ

কবিতা ১৩৮/ মেলিনা লৈ

- স্নেহল হাজৰিকা

মেলিনা লৈ,

কেনে আছা?

আমি আছো ইয়াত সুখে

জ্বালামুখীৰ পেটত

শান্তিৰে...

আকাশখন আমাৰ ওপৰত

জ্বলিয়েই আছে

জাৰত কিন্তু কম্বল নোলোৱাকৈ থাকিব নোৱাৰি !

নিশা শিয়ালীৰ বিননি শুনি এতিয়া টোপনি যাওঁগৈ...

কালি ৰাতি কেতেকী ফুলা চাবলৈ গৈছিলো

হৰেণক লৈ

আইলৈ বৰ মনত পৰিল চাই

গুচি আহিলো।।

তাতো ফুলেনে

কেতেকী একেই ?

কৰানে আজিও

হৃদয় আলাপ

পুৰণি দিনৰ

বিলৈ বিলাপ ?

মনত আছে মোৰ

তোমাৰ সুগন্ধ

শীতৰ ৰাতি

তোমাৰ কোলাত শুৱা

আৰু জোনাকী হৈ পৰা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in