/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/91bee948-523a-4675-bc60-e2e85d113d9a/KOBITA.jpeg)
- মাইনা বৰুৱা
জ্বৰ উঠিছে ! ফুটবলৰ জ্বৰ
মহাৰণত কোন জিকিব ?
মেছিৰ হ'বনে এমবাপেৰ হ'ব
ফুটবল !
কি হ'ব ! কাৰ অধীনলৈ যাব ফুটবলৰ সাম্ৰাজ্য
এচামে চিঞৰিছে মেছি মেছি...
আৰ্জেন্টিনাই নিব
মেছিৰ যাদু চলিব
ফুটবলৰ নতুন ৰাজপুত্ৰই
মাৰাডোনাৰ পাছত দৌৰিব
মৰু দেশত ফুটবলৰ বন্দনা
ফ্ৰান্সে ভাবিছে- এইবাৰ আমাৰ !
এমবাপে জাগি উঠিলে
ফুটবল কোন কাঢ়ি ল'ব পাৰে
ফ্ৰান্স অথবা আৰ্জেন্টিনা
জয় অথবা পৰাজয়
খেলৰ ভিতৰতে খেল হ'ব
তাতো কোনোবা জিকিব
তাতো কোনোবা হাৰিব
আজি জ্বৰ উঠিছে বহু মানুহৰ
ফুটবল জ্বৰ
বিশ্বকাপৰ জ্বৰ