অসম
কবিতা ১৩৫/ তুমি টেকেলিফুটাত মই নিতাই-ধুবুনী ঘাটত
- ৰুদ্ৰ সিংহ মটক
মোৰ প্ৰতি বিন্দু তেজত হৰিৎ শব্দৰ বীজ
কোটি কোটি হিৰণ্ময় সূৰ্যকণা
আজন্ম প্ৰিয় মোৰ আত্মাৰ গহনৰ
শব্দহীন নীৰৱ সূৰ্য-বন্দনা
কুশল মংগল শান্তি-কল্যাণ-প্ৰেমৰ আৰ্তি
মোৰ মানুহৰ ৰ'দ-প্ৰভাতৰ আবাহনী
শব্দবোৰ মোৰ স্পন্দিত ধমনীৰ হৰিৎ
ৰক্তকণা
আকাশময় ৰ'দৰ দৰেই বিয়পি যায়; আকৌ
উভতি আহে কৰ্ণকুহৰলে : অমৃতময় শংখধ্বনি
ফুলে-তেজে প্ৰবাহিত শব্দৰ ঢৌ তৰিৎ চেতনা,
ভিতৰি ভিতৰি প্ৰসাৰিত আত্মবোধ : হৃদয়ৰ ডালে-পাতে
আমেলমোল বসন্ত, জোনাক-সেউজীয়া আখৰ
বতৰ গোমা বুলিয়েই তেনেকৈ
মন মাৰি নেথাকিবাচোন
তোমাৰ পৰা মোলৈ দূৰত্বনো কিমান ?
একেখন নৈৰ পাৰতে আছোঁ; কেৱল ঘাটহে বেলেগ
তুমি টেকেলিফুটাত, মই নিতাই-ধুবুনী ঘাটত
আৰু পঢ়ক : কবিতা ১৩৪/ লগন