/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/fa55d577-a639-4e57-9770-9b9fc40d79a0/KOBITA.jpeg)
- মন্দিৰা শৰ্মা
কোনে জানে ক'ত
গৰ্ভিণী উদৰ অস্থিৰ হৈছে
কোনে জানে ক'ত
ঊৰ্ধ্ববাহু বতাহৰ তাণ্ডৱ চলিছে
পোতাশালৰ গেঙনিত
মথুৰাৰ শুকান অধৰেৰে তেজ নিগৰিছে
বন্ধ্যা বুকুৰ কোনোবা কোণত
এটা বৃন্দাবনী সুৰে এঙামুৰি দিছে
কোনে জানে কিয়
কিহৰ উচাহত
ৰাধাৰ অস্থিৰ জুনুকা ৰৈ ৰৈ বাজিছে !
আৰু পঢ়ক : কবিতা ১৩৩/ সেইদিন সমাগত