
- ইকবাল হোচেইন খান
আকৌ দিন আহিব
মানুহ ওলাই আহিব
চিঞৰিব ৰাজপথে ৰাজপথে
প্ৰাপ্তিৰ বাবেই হ'ব চিঞৰ
দুবেলা দুমুঠি অন্ন
তেতিয়াই আহিব আনন্দ জীৱনৰ
আনন্দ প্ৰেমৰ
আনন্দ বিশ্বাসৰ ।
তেতিয়াই প্ৰতিশ্ৰুতিৰ প্ৰতিধ্বনি
কবিতাৰ দৰেই কোমল হৈ থাকিব
আক্ষেপ ক'ৰবাত হেৰাই থাকিব
হৃদয়ে হৃদয়ে বাজি থাকিব মানুহৰ গান,
সাম্যৰ গান,মিঠা মিঠা শৰতৰ গান ।
সেইদিন সমাগত
প্ৰাপ্তিৰ হাঁহিত
বিকাশৰ নিজৰা হ'ব উন্মুক্ত
ভয়হীন অভাৱহীন পৰিমণ্ডল এটাৰ সৃষ্টি হ'ব ।
সপোন হওক তেনেকুৱাই
সোণোৱালী বাস্তৱ হৈ
হাঁহিবোৰ জীৱনৰ ৰং হওক
জীৱন জীৱনৰ বাবেই ।
আৰু পঢ়ক : কবিতা ১৩২/ কামেংজনী