কবিতা ১৩২/ কামেংজনী

poem
poem

পল্লৱী শইকীয়া

নীলৰঙী চাদৰ পিন্ধা কামেংজনীক লগ পালো আজি

শুনিলো তাইৰ কুলুকুলু কৰুণ কান্দোনৰ ধ্বনি

কি দুখত বাৰু তাই আজীৱন

উচুপি থাকে...

কোনে ভঙিলে পাহাৰী কামেঙৰ

কোমল হিয়া খন...

কোনে সানি দিলে তাইৰ দেহত আজীৱন

বিষাদৰ ৰং...

বুকুত তাই কঢ়িয়াই ফুৰিছে আজিও প্ৰতাৰিত হিয়াৰ

হেজাৰ বিষণ্ণতাৰ শিল....

তথাপিও তাই আজিও ৰঙীলী পখিলী

অৰুণাচলী শিলে শিলে তাই জপিয়াই

গীত গাই....

বতাহৰ সতে উমলে তাই দিনে নিশাই

কথা পাতে পাৰৰ কঁহুৱাজাকৰ সতে

দুবাহুৰ দুশাৰী বিশাল পাহাৰৰ কোলাত মুখ গুজি নিশা তাই টোপনী যায়...

তাই যে পাহাৰী জীয়ৰী আজলী গাভৰু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in