কবিতা ১১৩/ ডিজিটেল সংবাদ

author-image
Asomiya Pratidin
New Update
কবিতা ১১৩/ ডিজিটেল সংবাদ

- মণিমুগ্ধ ৰাজকোৱঁৰ

Advertisment

সাংবাদিকতাৰ তৰল গ্লানি

কলমত হালধীয়া ৰহস্য সানি

গণতন্ত্ৰৰ কৱচ

গণলোকৰ আৱাজ

চাৰিওদিশে সমালোচনা

নিন্দা লাঞ্চনাৰ কুচকাৱাজ।

কাগজ নহয়

কলমো নহয়

ডিজিটেলৰ ক'ডিং আৰু

ইণ্টাৰনেটৰ আৱাসত

আমি একোজন ডিজিটেল সাংবাদিক...

এটা আৱেষ্টনীত পৰিপুষ্ট

ৰাজনৈতিক ৰহস্য

সামাজিক দায়বদ্ধ

কেতিয়াবা...

হত্যা, ধৰ্ষণ

প্ৰতিবাদ, লুন্ঠন

আমাৰ এটি পুৱাৰ

শুভাৰম্ভণ...

কোনোবা কেতিয়াবা মৰিলেও গালি

কোনোবা কেতিয়াবা জগিলেও গালি

খবৰৰ টোপোলা আলফুলে বান্ধি

আপোনাৰ পদূলিত

আমাৰেইটো লানি...

আমি একোজন ডিজিটেল সাংবাদিক...

আমি সংবাদৰ বেশ্যা নকৰো

আমি সংবাদৰ নিচা নকৰো

সময়ৰ লগত, সময়ত আগত

আমি প্ৰতিযোগিতাৰ ভিক্ষা নকৰো,

আপোনাৰে কথা

আপোনাৰে কাণত

সত্য ক্ষীপ্ৰতাৰে

আমি কুন্ঠা নকৰো...

আমি একোজন ডিজিটেল সাংবাদিক...

আৰু পঢ়ক : কবিতা ১১২/ প্ৰতীক্ষা

assamese poem