
দীঘল বাটটো নিজান
গছবোৰ ওখ নিজান নাছিল
আকাশখন ক’লা অকলশৰীয়া নাছিল
ঘাঁহবোৰ শুকান
হালধীয়া নাছিল।
দূৰৈত এটা আৰ্তনাদ
এখন ডেউকাৰ ধপধপনি
ঢিমিক-ঢামাককৈ নুমাই যোৱা
এটা চাকি
নিজৰ লগত কথা পাতিছিলো
কি কথা মনত নাই
কাৰোবালৈ অপেক্ষা কৰিছিলো
কালৈ নাজানো
আৰু এদিন বাটৰ চিনাকি কেকুঁৰিটোত
মই তোমাক হেৰুৱাই পেলাইছিলো
তেওঁকো হেৰুৱাই পেলাইছিলো
তেওঁ বা আছিল কোন...