কবিতা ১০৯/ শব্দ

author-image
Asomiya Pratidin
New Update
কবিতা ১০৯/ শব্দ

- বৰ্ণালী দত্ত বৰা

শব্দ ব্ৰহ্ম

শব্দ ৰুদ্ৰ

শব্দ সংহাৰকাৰী

শব্দ সহায়কাৰী

শব্দই জীৱন গঢ়ে

শব্দই জীৱন ভাঙে

শব্দতে লীণ হয়

শব্দৰ জগত।

মোৰ বুকুৰে বয় শব্দৰ নৈ...

শব্দ অস্ত্ৰ

শব্দ শস্ত্ৰ

শব্দ ফল্গুধাৰা

মানৱ মনৰ।

কথাত কটা যায়

কথাত বঁটা পায়

শব্দই আপোন কৰে

শব্দই পৰ

মোৰ বুকুৰে বয় শব্দৰ নৈ...

শব্দই পুৰস্কাৰ

শব্দই তিৰস্কাৰ

শব্দই কৰিব পাৰে

জীৱন জাতিষ্কাৰ

শব্দই গঢ়িব পাৰে

শব্দই ভাঙিব পাৰে

কত শত হৃদয়ৰ

মিলনৰ সাঁকোডাল -

শব্দৰ পৰা শব্দলৈ

মোৰ বুকুৰে বয়

শব্দৰ বোৱতী নৈ

জিৰিজিৰি জিৰিজিৰিকৈ...

assamese poem