ম্যানমাৰৰ শিবিৰত এৰি আহিছে ৭০ৰো অধিক কে এল অ'ৰ কেডাৰ

কে এল অ'ৰ অধ্যক্ষ জীৱন সিংহ
কে এল অ'ৰ অধ্যক্ষ জীৱন সিংহ

ডিজিটেল ডেস্ক : কমতাপুৰ লিবাৰেচন অৰ্গেনাইজেচনৰ অধ্যক্ষ জীৱন সিংহ কোচে কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি আলোচনাত অংশ লোৱাৰ বাবে ম্যানমাৰস্থিত শিবিৰৰ পৰা নতুন দিল্লীত গৈ উপস্থিত হৈছে যদিও সংগঠনটোৰ আন বহু সংখ্যক নেতা আৰু কেডাৰ বৰ্তমানেও ম্যানমাৰস্থিত শিবিৰত আছে ।

এনে সদস্যৰ সংখ্যা প্ৰায় ৭০ জন হ'ব । তেওঁলোকে ম্যানমাৰৰ পৰাই আলোচনা প্ৰক্ৰিয়াৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখি আহিছে । নতুন দিল্লীৰ আলোচনা আৰু শান্তি প্ৰক্ৰিয়া সফল হ'লেহে সংগঠনটোৰ আন নেতা আৰু কেডাৰসকল মূলসূঁতিলৈ উভতি আহিব বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, কে এল অ'ৰ অধ্যক্ষ জীৱন সিংহ কোচে মধ্যস্থতাকাৰী দিলীপ নাৰায়ণ দেৱ ওৰফে দেৱজিৎ সিংহৰ সৈতে সংগঠনটোৰ কেইজনমান নেতা আৰু কেডাৰক লৈ ম্যানমাৰস্থিত শিবিৰৰ পৰা ওলাই আহিছিল । জীৱন সিংহ কোচে মাত্ৰ কেইজনমান বিদ্ৰোহী নেতা কেডাৰক লৈ ম্যানমাৰৰ পৰা ভাৰতৰ ভূমিত পদাৰ্পণ কৰাৰ পিচত বিভিন্ন মাধ্যমত কে এল অ'ত নগণ্য সংখ্যক কেডাৰ থকা বুলি আলোচনা চলিছে ।

কিন্তু বিশেষ সূত্ৰৰ তথ্য অনুসৰি, জীৱন সিংহই ইচ্ছাকৃতভাৱেই মাত্ৰ কেইজনমান নেতা আৰু কেডাৰক লৈ ম্যানমাৰৰ পৰা ওলাই আহিছে । সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি, জীৱন সিংহ কোচে এই আলোচনাৰ পূৰ্বে এক কৌশলী স্থিতি গ্ৰহণ কৰিছে কিয়নো কেন্দ্ৰীয় চৰকাৰে যিকোনো মূহুৰ্ততে নিজৰ স্থিতিৰ পৰা আতৰি যাব পাৰে বুলি তেওঁৰ সংশয়ৰ সৃষ্টি হৈছে ।

লক্ষণীয়ভাৱে জীৱন সিংহ ম্যানমাৰৰ শিবিৰৰ পৰা আলোচনাৰ বাবে ওলাই আহিছে যদিও লগত নাই কোনো অস্ত্ৰ-শস্ত্ৰ, পিন্ধনত অসামৰিক পোছাক । আনহাতে যি কেইজন বিদ্ৰোহী সতীৰ্থ তেখেতৰ সৈতে আলোচনাৰ বাবে আহিছে সেই সকল মধ্যম পৰ্যায়ৰ হে নেতা তথা কেডাৰ ।

এতিয়া সকলোৱে এই শান্তি আলোচনা সুকলমে সম্পন্ন হোৱাৰ আশা কৰিছে যদিও এনে নহ'লে সংগঠনটোৱে পুনৰ নতুন গতি লাভ কৰাৰ সম্ভাৱনাকো নুই কৰিব নোৱাৰি ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in