কোকৰাঝাৰত কেএলঅ' আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ, নিহত ২জন...

কোকৰাঝাৰত কেএলঅ' আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ, নিহত ২জন...

ডিজিটেল ডেস্কঃ কোকৰাঝাৰত কেএলঅ' আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ। সোমবাৰে হোৱা এই সংঘৰ্ষত দুজন কেএলঅ' কেডাৰ নিহত হয়। আনহাতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে চাৰি কেএলঅ কেডাৰে।

আৰক্ষীয়ে কৰায়ত্ত কৰে এজন কেএলঅ' কেডাৰক। নিহতদ্বয় ৰৌতাৰ অভিজিৎ ডেকা, বঙাইগাঁৱৰ নিপুন ৰয় বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।

চক্রশিলা পাহাৰত কেম্প স্থাপন কৰি আছিল কেএলঅ'ৰ সদস্য সকলে। আৰক্ষীয়ে খবৰ লাভ কৰি চলাইছিল অভিযান। এই অভিযান কালত দুই পক্ষৰ মাজত গুলীয়াগুলী হয়।

উল্লেখ্য যে, পুৱাৰ পৰাই আৰক্ষীয়ে এই অভিযান চলাইছিল। ইতিমধ্যে নিহত সকলৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ইয়াৰ পূৰ্বে দেওবাৰে এজন যুৱকক স্থানীয় লোকে আটক কৰিছিল। যুৱকজনৰ ভাষ্য অনুসৰি তেওঁ কেএলঅ'ত যোগদান হ'বলৈ গৈ আছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্তৰ।

কোকৰাঝাৰত কেএলঅ' আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ, নিহত ২জন...
দিল্লীত শ্ৰমিকৰ বাবে হোষ্টেল, ল'ৰা-ছোৱালীৰ বাবে ফ্ৰী কোচিং...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in