ৰঙিয়াৰ তৰণীত কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তন

ৰঙিয়াৰ তৰণীত কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তন

ডিজিটেল সংবাদ, ৰঙিয়াঃ জয়কৃষ্ণ -গুৰুকৃষ্ণ- কৃষ্ণগুৰু একনাম ধ্বনিৰে মুখৰিত ৰঙিয়াৰ তৰণী। দেওবাৰে বিশ্বশান্তিৰ কামনাৰে ১২ ঘণ্টীয়াকৈ অনুষ্ঠিত কৰা হয় কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তন । বৈদ্যগড় চক্ৰৰ উদ্যোগত স্থানীয় শাখা সেৱাশ্ৰম প্ৰাংগণত অনুষ্ঠিত কৰা হয় কৃষ্ণ গুৰু একনাম অখণ্ড কীৰ্ত্তন ।

অখণ্ড কীৰ্তনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ভিন্ন প্ৰান্তৰ পৰা ভক্তসকলৰ ব্যাপক সমাগম ঘটে। অনুষ্ঠানত গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু উপস্থিত থাকি ভক্তসকলক আশিষ বচন প্ৰদান কৰে। সন্ধিয়া ৬ বজাত কৃষ্ণগুৰু কাকুতি ঘোষা, জয়ধ্বনিৰে একনাম অখণ্ড কীৰ্তনৰ সামৰণি ঘটে ।

ৰঙিয়াৰ তৰণীত কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তন
ৰঙিয়াত নিৰ্বাচনৰ সময়সূচী প্ৰকাশ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in