ৰঙিয়াত নিৰ্বাচনৰ সময়সূচী প্ৰকাশ

ৰঙিয়াত নিৰ্বাচনৰ সময়সূচী প্ৰকাশ

ডিজিটেল সংবাদ, ৰঙিয়াঃ সমাগত লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে দেওবাৰে ৰঙিয়া নিৰ্বাচনী জিলাত ৪নং দৰং ওদালগুৰি লোকসভা নিৰ্বাচনৰ বাবে সময়সূচী প্ৰকাশ কৰি ৩১ নং ৰঙিয়া বিধানসভা সমষ্টি আৰু ৩২ নং কমলপুৰ বিধানসভা সমষ্টিৰ ভোট গ্ৰহণ কৰা হ'ব বুলি ৰঙিয়া জিলা নিৰ্বাচনী বিষয়া তথা অতিৰিক্ত জিলা আয়ুক্ত দেৱাশীষ গোস্বামীয়ে সংবাদমেলযোগে ঘোষণা কৰে।

দেওবাৰে সন্ধিয়া ৬বজাত মহকুমাধিপতি (অ) কাৰ্যালয়ৰ সন্মিলন কক্ষত জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে ভাৰতৰ নিৰ্বাচনী আয়োগে ঘোষণা কৰা অনুসৰি প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনত ৰঙিয়া নিৰ্বাচনী জিলাৰ দুয়োটা বিধানসভা সমষ্টিত ২৮ মাৰ্চত নিৰ্বাচনী জাননী জাৰি কৰাৰ উপৰি মনোনয়ন দাখিলৰ অন্তিম দিন ৪-৫ এপ্ৰিলত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰাৰ লগতে ৮ এপ্ৰিলত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন নিৰ্ধাৰণ কৰে । ইফালে ২৬ এপ্ৰিলত ভোটগ্ৰহণ পৰ্ব আৰু ৪ জুনত ভোটগণনা পৰ্ব সম্পন্ন হব বুলি জিলা নিৰ্বাচনী বিষয়া গৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ।

উল্লেখ্য যে ৰঙিয়া নিৰ্বাচনী জিলাৰ অন্তৰ্গত ৰঙিয়া বিধানসভা সমষ্টিত ২৫২ টা ভোটগ্ৰহণ কেন্দ্ৰত ২,০৯,১০০ গৰাকী ভোটাৰে আৰু কমলপুৰ বিধানসভা সমষ্টিত ২২৪ টা ভোটগ্ৰহণ কেন্দ্ৰত ১,৮১,৮৮৫ গৰাকীয়ে ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব । তদুপৰি নিৰ্বাচনী জিলাখনৰ ভোটাৰসমূহে যিকোনো সহায়ৰ বাবে ১৯৫০ নম্বৰত আৰু নিয়ন্ত্ৰণ কক্ষৰ ৮৮৭৬০-৮০৪১৯ এই দুটি নম্বৰত ফোন কৰিব পাৰিব বুলি জনায় ।

আনহাতে ভাৰতৰ নিৰ্বাচন আয়ুক্তই নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ লগে লগেই ৰঙিয়া নিৰ্বাচনী জিলাতো নিৰ্বাচনৰ আচৰণবিধি বলবৎ হোৱাৰ কথা দোহাৰি জিলা নিৰ্বাচনী বিষয়া গোস্বামীয়ে জিলাখনত নিকা আৰু মুক্ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি এইক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে ।

এই সংবাদমেলত জিলা নিৰ্বাচনী বিষয়া তথা অতিৰিক্ত জিলা আয়ুক্ত দেৱাশীষ গোস্বামী, নিৰ্বাচনী বিষয়া ড° নীল হৰিৎ কৌশিক, সহকাৰী আয়ুক্ত জিলজিলি থাওচেন প্ৰমুখ্যে কৰি বিষয়া আৰু কৰ্মচাৰীবৃন্দ উপস্থিত থাকে ।

ৰঙিয়াত নিৰ্বাচনৰ সময়সূচী প্ৰকাশ
অজন্তা নেওগৰ বাসগৃহত বিজেপিৰ নিৰ্বাচন কেন্দ্ৰিক সভা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in