তামুলপুৰত বিপিএফৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

তামুলপুৰত বিপিএফৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

author-image
Asomiya Pratidin
New Update
তামুলপুৰত বিপিএফৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

ডিজিটেল সংবাদ, তামুলপুৰঃ আগন্তুক লোকসভা নিৰ্বাচনত বিপিএফ দলৰ প্ৰাৰ্থী দুৰ্গাদাস বড়োৰ সমৰ্থনত তামুলপুৰ জিলাৰ গোৰেশ্বৰ চ’কত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয়। শুকুৰবাৰে কাৰ্যলয় মুকলি উপলক্ষে নিৰ্বাচন পৰিচালনা সমিতিৰ অধ্যক্ষ গোপীনাথ ব্ৰহ্মৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় ৷ সভাত তামুলপুৰ জিলা সভাপতি মহেশ্বৰ বসুমতাৰী প্ৰাক্তন বিধায়ক ইমানুৱেল মছাহাৰী সহ দলীয় নেতা কৰ্মী সকল উপস্থিত থাকে ৷

Advertisment

সভাত মন্ত্ৰী চন্দন ব্ৰহ্ম UPPL ত যোগদান সন্দৰ্ভত তামুলপুৰৰ প্ৰাক্তন বিধায়ক ইমানুবেল মুছাহাৰীয়ে কয় যে, এটা সময়ত মুখ্যমন্ত্ৰীয়ে বিপিএফ, ইউপিপিএল দলক একলগ হ'বলৈ কৈছিল। সেই সময়ত চন্দন ব্ৰহ্মই নিজেই আপত্তি দৰ্শাই একলগ নহ'ল।এতিয়া তেখেতে যদি সঁচাকৈ ইউপিপিএল দলত যায় তেন্তে সেইটো মই ইগ' ট্ৰিপ বুলি কম।

লগতে প্ৰশ্ন কৰে যে, দুৰ্নীতি মুক্ত কৰিম বুলি গাদী দখল কৰা ইউপিপিএল দলে দুৰ্নীতি কৰা কেইজনক এতিয়ালৈকে জেলত পঠালে? আজি দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ BPFৰ প্ৰাৰ্থী দুৰ্গাদাস বড়োৰ হৈ তামুলপুৰত উন্মোচন কৰা নিৰ্বাচনী কাৰ্যালয়ৰ অনুষ্ঠানত উপস্থিত থাকি এনেদৰে মন্তব্য আগবঢ়াই তামুলপুৰৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীয়ে।

Also Read: নিষিদ্ধ দ্ৰব্যসহ আটক দুজন

bpf loksabha election