নগাঁৱত এইবাৰৰ চোৰৰ লক্ষ্য শিশু...

নিশা বিচনাৰ পৰা শিশুক উঠাই অনা চোৰক কৰায়ত্ব

author-image
Asomiya Pratidin
New Update
নগাঁৱত এইবাৰৰ চোৰৰ লক্ষ্য শিশু...

ডিজিটেল সংবাদ,নগাঁও : এইবাৰ চোৰৰ লক্ষ্য শিশু ৷ নিশা বিচনাৰ পৰা এটি শিশুক চোৰে উঠাই নিয়াৰ এক শিহৰনকাৰী ঘটনা সংঘটিত হৈছে নগাঁৱত ৷ তথ্য অনুসৰি, ছয় বছৰীয়া কন্যা শিশুক নিশা বিচনাৰ পৰা লৈ যোৱাৰ ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে নগাঁৱৰ বৰভেটিত ৷ ঘটনাটোৰ সৈতে জড়িত চোৰ বাবুল আলীক ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিছে ৷ ৰবিবাৰৰ নিশা কৰায়ত্ব হোৱা বাবুল আলী বৰ্তমান নগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন ৷ ইফালে বাবুলৰ জিম্মাৰ পৰা স্থানীয় লোকে কন্যা শিশুটিক নিশাই উদ্ধাৰ কৰে ৷

Advertisment

পূৰ্বে তিনিবাৰকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বাবুল আলি ৰবিবাৰে নিশা বৰভেটিৰ জীয়াউদ্দিন আহমেদৰ ঘৰত নিশা এক বজাত প্ৰৱেশ কৰে ৷ ঘৰটোত প্ৰৱেশ কৰি মাক দেউতাকৰ লগত শুই থকা শিশুটিক বাবুলে বিচনাৰ পৰা অপহৰণ কৰি লৈ যায় ৷

শিশুটিক বিচনাৰ পৰা অপহৰণ কৰাৰ কিছু সময়ৰ পিছতে বিচনাত নিজ সন্তানক নেদেখি মাতৃয়ে চিঞৰ বাখৰ কৰাত গাঁৱৰ লোক ওলাই আহে ৷ ৰাইজে বৰভেটি তিনিআলিত কন্যা শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ পিছত শিশুটিৰ কথাৰ ভিত্তিত গাঁৱৰ লোকে বাবুলৰ সন্ধান আৰম্ভ কৰাত বাবুলকো কৰায়ত্ব কৰাত বাবুলে ঘটনাটো স্বীকাৰ কৰাত উত্তম মাধ্যম দিয়ে ৷ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বাবুল আলীক আটক কৰি চিকিৎসালয়লৈ লৈ যোৱাৰ লগতে আলীৰ জিম্মাৰ পৰা চুৰি কাৰ্যত ব্যৱহাৰ কৰা বিভিন্ন আচবাব জব্দ কৰে ৷

চোৰ বাবুল আলিয়ে চোৰ কৰিবলৈ গৈ কিয় কন্যা শিশুটিক লৈ উধাও হৈছিল তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে ৷ ইফালে চিকিৎসাধীন বাবুলক আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত জেৰা কৰিব পৰা নাই ৷

আৰু পঢ়ক : মানকাচৰৰ মানুল্যাপাৰাত মীন, পশু, কৃষি বিভাগৰ বিশেষ মেলা...

assam NOGAON kidnapper