বাক্সাত শিশু অপহৰণকাৰী আটক
বাক্সাত শিশু অপহৰণকাৰী আটক

বাক্সাত শিশু অপহৰণকাৰী আটক

ডিজিটেল সংবাদ,বাক্সাঃ বৃহস্পতিবাৰে বাক্সাৰ মুছলপুৰত শিশু অপহৰণৰ ঘটনা সংঘটিত হয় । মুছলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কুৱেৰী চ'কত ৰাইজে খেদি খেদি কৰায়ত্ত কৰে অপহৰণকাৰীক। জানিব পৰা মতে, ঈদৰ দিনাই মজনুৰ আলী নামৰ এজন লোকে দুই শিশুক দীঘলদঙাৰ নিজ গৃহৰ পৰা মটৰ চাইকেলেৰে উঠাই লৈ যায়।

আনহাতে শিশু দুটিৰ চিঞৰ শুনি ৰাইজে অপহৰণকাৰীক খেদি খেদি নিকাছী আৰক্ষী চকীৰ অন্তৰ্গত কুৱেৰী চ'কত আটক কৰে লগতে দুই শিশুক উদ্ধাৰ কৰে। পৰৱৰ্তি সময়ত মুছলপুৰ আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ শিশু দুটিৰ লগতে অপহৰণকাৰী মজনুৰ আলীক থানা লৈ আনে।

পবিত্ৰ ঈদৰ দিনাই সংঘটিত এই ঘটনাক লৈ অঞ্চলটোৰ ৰাইজে নিশা নিকাছী আৰক্ষী চকী ঘেৰাও কৰি অপৰাধীক উচিত শাস্তি দিবলৈ দাবী জনায়।

বাক্সাত শিশু অপহৰণকাৰী আটক
ৰাহুল গান্ধী কোন ধৰ্মৰ আজিলৈকে কোনেও গম নাপালেঃ মুখ্যমন্ত্ৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in