/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/4171f6b6-2ef4-4fd4-a463-0af4a7146bbb/AP_FOR_WEB_1_.jpg)
ৰাহুল গান্ধী কোন ধৰ্মৰ আজিলৈকে কোনেও গম নাপালেঃ মুখ্যমন্ত্ৰী
ডিজিটেল সংবাদ,চাবুৱাঃ আগন্তুক লোকসভা নিৰ্বাচনলৈ মাজত মাথোঁ আৰু কেইটামান দিনহে বাকী। কি বিজেপি,কি কংগ্ৰেছ অথবা কি অজাপ, প্ৰতিটো ৰাজনৈতিক দলেই নিজ নিজ কৌশলেৰে অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত নিতৌ প্ৰচাৰৰ বাবে আগমন হৈছে বহু হাইপ্ৰফাইল নেতা তথা বিভিন্নজন অভিনেতাৰ। তাৰ সমান্তৰালভাৱে আকৌ এতিয়া ঘনে ঘনে সলনি হৈছে ৰাজনৈতিক দৃশ্যপট। ক্ৰমান্বয়ে আকৰ্ষণীয় হৈ উঠিছে নিৰ্বাচনী যুঁজ।
সেই সময়তে আজি সৰ্বানন্দ সোণোৱালৰ গৃহ চহৰ চাবুৱাত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীগৰাকীয়ে। এদিনৰ বাবে যেন হিমন্তময় হৈ পৰিল চাবুৱা।
চাবুৱাৰ ইয়ং ব্লু খেলপথাৰত সহস্ৰাধিক ৰাইজৰ উপস্থিতিত উক্ত নিৰ্বাচনী সভাখন অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ লগে লগে গায়ন-বায়ন তথা বিহু,ঝুমুৰৰ লগতে বিভিন্ন জনগোষ্ঠীয় নৃত্যৰে তেওঁক আদৰি আনে। উল্লেখ্য যে, এই নিৰ্বাচনী প্ৰচাৰ সভাতে লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈৰ বিৰুদ্ধে সৰৱ হৈ পৰে হিমন্ত বিশ্ব শৰ্মা। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে যে তেওঁলোকে ফুচুলাই অসমৰ ৰাইজক আৱেগিক কৰি তুলিছিল। তেওঁলোকে কৈছিল ২ কোটি বাংলাদেশী আহিব, এতিয়া মানুহ কি বাংলাদেশৰ পৰা চৰাই এটা আহিছে যদিও দেখাই দিয়ক ।
ইয়াৰোপৰি উদাত্ত ভাষণেৰে তেওঁ কয় যে ৰাহুল গান্ধী কোন ধৰ্মৰ লোক আজিলৈকে কোনেও গম নাপালে। গৌৰৱ গগৈ আৰু অখিল গগৈয়ে যোৰহাটত কালি নামাজ পঢ়িছে। গৌৰৱ গগৈ আৰু অখিল গগৈয়ে ইছলাম ধৰ্মৰ প্ৰতি সহিষ্ণুতা দেখুওৱা ৰাজনৈতিক তুষ্টিকৰণৰ বাদে একো নহয়। আনহাতে পঞ্জাবৰ মুখ্যমন্ত্ৰীৰ অসম আগমন সন্দৰ্ভত ফুৰিব আহিছে,তেওঁলোক ফুৰক বুলিও মন্তব্য কৰে। উল্লেখ্য যে, প্ৰখৰ ৰ'দকো নেওচি সহস্ৰাধিক ৰাইজে আজিৰ এই সভাখনত অংশ লয়।
Also Read: চাফাই কৰ্মীৰ নামত মাফিয়া আতিকে কিনিছিল কোটিটকাৰ ভূমি...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us