মহানগৰ আৰক্ষীৰ সাফল্যঃ অপহৰণৰ কেইঘন্টামান পাছতেই উদ্ধাৰ অপহৃত শিশু

মহানগৰ আৰক্ষীৰ সাফল্যঃ অপহৰণৰ কেইঘন্টামান পাছতেই উদ্ধাৰ অপহৃত শিশু

author-image
Asomiya Pratidin
New Update
ক্ৰাইম ব্ৰাঞ্চৰ জালত ASI কৃষ্ণা নন্দ উপাধ্যায়

ডিজিটেল ডেস্কঃ মহানগৰ আৰক্ষীৰ সাফল্য। অপহৰণৰ কেইঘন্টামান পাছতেই উদ্ধাৰ শিশু। মহানগৰীৰ খানাপাৰাৰ পৰা অপহৃত শিশুটিক উদ্ধাৰ কৰে দিছপুৰ আৰক্ষীয়ে।

Advertisment

অপহৰণ কাণ্ডটোৰ সৈতে জড়িত থকা সন্দেহত এগৰাকী মহিলাক আটক কৰিছে আৰক্ষীয়ে। মহিলাগৰাকীক ৰাইজে কৰায়ত্ত কৰি গতাই দিয়ে আৰক্ষীক। সম্প্ৰতি আৰক্ষীৰ লগতে আছে শিশুটি।

উল্লেখ্য যে, দেওবাৰে দিনৰ প্ৰায় ১১ মান বজাত খানাপাৰৰ পৰা অপহৰণ হৈছিল এটি শিশু। দোকান দি জীৱন নিৰ্বাহ কৰা হাচিনা বেগমৰ ডেৰ বছৰীয়া কন্যা শিশুটিক অপহৰণ কৰিছিল দুৰ্বৃত্তই। তাৰ পাছতেই আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত আৰু অৱশেষত শিশুটিক বিচাৰি উলিয়াবলৈ সক্ষম হয় আৰক্ষী। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে। পৰৱৰ্তী সময়ত গম পোৱা যাব কোনে কি কাৰণে শিশুটিক অপহৰণ কৰিছিল।

Also Read: নগাঁৱৰ ছিমচ(SIMS) মাল্টি স্পেচিয়েলিটি হাস্পাতালত ডায়লাইছিচ চেন্টাৰ মুকলি

crime Assam police