অসমৰ অনুষ্ঠিত হ’ব চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ খেল

অসমৰ অনুষ্ঠিত হ’ব চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ খেল

ডিজিটেল সংবাদ, গুৱাহাটীঃ আসন্ন চতুৰ্থ 'খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ-২০২৩' ৰ যি ১৫ বিধ খেল গুৱাহাটীত অনুষ্ঠিত হ’ব । প্ৰতিটো ক্ৰীড়াস্থলীয়ে অত্যাধুনিক সা-সুবিধা থকা আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ ষ্টেডিয়াম ৷ ইয়াৰ পূৰ্বে মহানগৰীৰ এইসমূহ ক্ৰীড়াস্থলীত কেইবাখনো ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হৈ গৈছে আৰু দেশী-বিদেশী খেলুৱৈ তথা সংগঠকে গুৱাহাটীৰ বিশ্ব মানদণ্ডৰ ক্ৰীড়া আন্তঃগাঁ‌থনিক উচ্চ প্ৰশংসা কৰিছে ৷ চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত অংশ ল’বলৈ অহা দেশৰ খেলুৱৈসকলেও গুৱাহাটীৰ সামগ্ৰিক আন্তৰ্জাতিক স্তৰৰ ক্ৰীড়া আন্তঃগাঁ‌থনিৰ লগত পৰিচয় হৈ নতুন অভিজ্ঞতা অৰ্জন কৰিব৷

উল্লেখযোগ্য যে চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ বহুকেইটা ইভেণ্ট অনুষ্ঠিত হ’ব সৰুসজাই ক্ৰীড়া প্ৰকল্পত ৷ ইয়াৰে ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক এথলেটিকছ প্ৰতিযোগিতা সুকলমে অনুষ্ঠিত হৈ গৈছে ৷

তদুপৰি ফিফা ১৭ বছৰ অনুৰ্ধ বিশ্বকাপৰ খেল, ছাফ গেমছ, ৰাষ্ট্ৰীয় ক্ৰীড়া, খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া আদি এই ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল ৷ ইফালে, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত এতিয়ালৈ পাঁচ-ছয়বিধ খেলৰ ৰাষ্ট্ৰীয়-আন্তৰ্জাতিক প্ৰতিযোগিতা অনুষ্ঠিত হৈ গৈছে ৷ বেডমিণ্টনৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ লগতে পি বি এল, বি ডব্লিউ এফ ১০০ ছিৰিজ অনুষ্ঠিত হোৱাৰ লগতে বক্সিঙৰ ইণ্ডিয়া অপেন, মহিলা যুৱ বিশ্ব চেম্পিয়নশ্বিপ, এছিয়ান চেম্পিয়নশ্বিপৰ দৰে প্ৰতিযোগিতা অনুষ্ঠিত হৈছে৷

একেদৰে সৰুসজাইৰ ডাঃ জাকিৰ হুছেইন সাঁতোৰ প্ৰকল্পত দক্ষিণ এছিয়ান গেমছ আৰু খেলো ইণ্ডিয়া যুৱ ক্ৰীডাৰ লগতে ছিনিয়ৰ ৰাষ্ট্ৰীয় সাঁতোৰ চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে ৷ ইফালে, উলুবাৰীৰ আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামত কেইবাখনো আন্তৰ্জতিক ক্ৰিকেট খেল, ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেল ধাৰাবাহিকভাবে অনুষ্ঠিত হৈ আহিছে ৷ আনহাতে, এই স্থানত থকা দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত ২০০৭ ৰ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পাছৰে পৰাই ধাৰাবাহিক ৰূপত বিভিন্ন খেলৰ ৰাষ্ট্ৰীয়-আন্তজাৰ্তিক প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে ৷

চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ টেনিছ ইভেণ্ট হ’বলগীয়া চচল টেনিছ কমপ্লেক্সত বছৰ বছৰ ধৰি আইটিএফৰ কেইবাটাও ইভেণ্ট অনুষ্ঠিত হৈ আহিছে ৷ আনহাতে, কাহিলীপাৰাৰ শ্বুটিং ৰেঞ্জ, ভেটাপাৰা হকী ষ্টেডিয়াম, ভোগেশ্বৰী ফুকননী ইনড’ৰ ষ্টেডিয়ামতো ছাফ গেমছৰ লগতে কেবাখনো ৰাষ্ট্ৰীয় স্তৰৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে ৷ ইফালে, চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ বেডমিণ্টন ইভেণ্টৰ স্থলী আমিনগাঁৱৰ ইনড’ৰ ষ্টেডিয়ামত পূৰ্বে আন্তৰ্জতিক প্ৰতিযোগিতা হোৱাৰ লগতে বৰ্তমান এছিয়াৰ অন্যতম শ্ৰেষ্ঠ প্ৰশিক্ষণ কেন্দ্ৰ৷

উল্লেখযোগ্য যে অসম চৰকাৰে গুৱাহাটীৰ লগতে সমগ্ৰ ৰাজ্যতে ক্ৰীড়াৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ব্যাপক বিনিয়োগ কৰি আহিছে ৷ যোৱা মাহত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সৰুসজাই ক্ৰীড়া প্ৰকল্পত উচ্চমানসম্পন্ন ক্ৰীড়া প্ৰশিক্ষণ আৰু পুনৰ্বাসন কেন্দ্ৰ উদ্বোধন কৰিছে ৷ যোৰহাটতো অনুৰূপ এটা কেন্দ্ৰ মুকলি কৰা হৈছে ৷

ইফালে, খেল মহাৰণ আয়োজনেৰে অসমত তৃণমূল পৰ্যায়ৰ পৰা ক্ৰীড়া প্ৰতিভা চিনাক্ত আৰু বিকাশৰ অভিলাসী আঁচনিও চৰকাৰে সফলতাৰে কৰিছে৷ এনেধৰণৰ পদক্ষেপৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়াত ৰাজ্যখনৰ পদকৰ সংখ্যা এবছৰৰ ভিতৰত দুগুণ বৃদ্ধি পাইছে৷ ২০২২ চনত গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়া অসমে ২৮টা পদক পাইছিল৷ এইবাৰ গোৱাত অসমে অভিলেখ গঢ়ি ৫৬ টা পদক লাভ কৰিবলৈ সক্ষম হয়৷

অসমৰ অনুষ্ঠিত হ’ব চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ খেল
বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতনৰ প্ৰতিষ্ঠা দিৱস

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in