বিভিন্ন দাবীৰে মঙলদৈত মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ প্ৰতিবাদ

বিভিন্ন দাবীৰে মঙলদৈত মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
বিভিন্ন দাবীৰে মঙলদৈত মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ প্ৰতিবাদ

ডিজিটেল সংবাদ,‌মঙলদৈ : দৰং জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত পুনৰ শনিবাৰে ওলমিল তলা। মঙলদৈত মধ্যাহ্ণ ভোজনৰ ৰান্ধনীয়ে আকৌ ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে। শিক্ষা মন্ত্ৰী ৰনোজ পেগুক উভতি ধৰিলে একংশ ৰান্ধনীয়ে।

Advertisment

সদৌ অসম মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী ইউনিয়নে শনিবাৰে মঙলদৈত পিকেটিং কাৰ্যসূচী গঢ়ি তোলে। পিকেটিং কাৰ্যসূচী চলি থকাৰ সময়তে শিক্ষা বিভাগৰ কৰ্মচাৰীসকল পকী ওৱালেৰে পাৰ হোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে।

মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ মাননিৰ পৰিবৰ্তে মজুৰি দিয়ক,বকেয়া মাননি আদায় দিয়ক, কৰ্মস্থলীত আঘাতপ্ৰাপ্ত ৰন্ধন কৰ্মীক চিকিৎসা সাহায্য প্ৰদান কৰক,১০ হাজাৰ টকা মাননি প্ৰদান কৰক আদি ধ্বনিৰে দৰং জিলাৰ প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত পিকেটিং কাৰ্যসূচী ৰূপায়ন কৰে শ শ মধ্যহ্ন ভোজন ৰান্ধনীয়ে। শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখতে এই প্ৰতিবাদী কাৰ্য্যসূচী গঢ়ি তোলে।

তেওঁলোকৰ এই দাবী মানি নল'লে আগন্তুক দিনত জংঘী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে। আবেলি ৫ বজালৈকে শিক্ষা বিষয়াৰ কাৰ্যালয় খুলিব নিদিয়াৰ হুংকাৰ ৰান্ধনীসকলৰ।

Also Read: উৎকোচ লৈ গ্ৰেপ্তাৰ লখিমপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল

Mid-day meal ranoj pegu mangaldoi