/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/ef5b16fe-4b3e-4880-a813-fbb6b1562137/AP_FOR_WEB_khoyar.jpg)
গা লৰিল বন বিষয়াৰঃ প্ৰায় ৫০ লক্ষাধিক টকাৰ খইৰ গছৰ কুন্দা উদ্ধাৰ...
ডিজিটেল সংবাদ দুমুনিচকী: কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত হালধাত বৃহৎ পৰিমাণৰ খইৰ গছৰ কুন্দা উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ট্ৰাকত বোজাই কৰিবলৈ লোৱাৰ সময়তে মূল্যবান খইৰ গছৰ কুন্দাসমূহ উদ্ধাৰ হোৱা ঘটনাই বন বিভাগৰ উত্তৰ কামৰূপ বন সংমণ্ডল এলেকাত মূল্যবান কাঠৰ অবৈধ সৰবৰাহ অব্যাহত থকা বিষয়টো স্পষ্ট হৈ পৰিছে।
সম্প্ৰতি অভিভাৱকহীন হৈ পৰা উত্তৰ কামৰূপ বন সংমণ্ডলৰ একাংশ শীৰ্ষ বিষয়াৰ ছত্ৰছায়াৰ ফলত অসাধু ব্যৱসায়িয়ে মূল্যবান ৰঙা খইৰ গছৰ ক'লা বেহা চলাই যাবলৈ সক্ষম হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ঘটনা সন্দৰ্ভত বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত তথা উত্তৰ কামৰূপ বন সংমণ্ডলৰ ৰঙিয়া সদৰ বিটৰ অন্তৰ্গত হালধা শিঙাৰপাৰা গড়কাপ্তানী পথৰ ওপৰত দেওবাৰে নিশা প্ৰায় ১১ বজাত এখন ট্ৰাকত বৃহৎ পৰিমাণৰ গছৰ কুন্দা বোজাই কৰি থকাৰ বিষয়ে খবৰ লাভ কৰা হয়।
তাৰ পাছতে অসমীয়া প্ৰতিদিনৰ সাংবাদিক সংবাদ সংগ্ৰহৰ বাবে উক্ত স্থানলৈ ৰাওনা হয়। দুটা ৱেব পৰ্টেলৰ সংবাদ কৰ্মীৰ সৈতে উক্ত ঘটনাস্থলী গৈ পোৱাৰ পূৰ্বেই সাংবাদিক আগমনৰ উমান পায় অসাধু ব্যৱসায়ি চক্ৰটোৱে গছৰ কুন্দা এৰি থৈ ট্ৰাকখন লৈ পলায়ন কৰে যদিও উক্ত স্থানত বৃহৎ পৰিমাণৰ গছৰ কুন্দা পৰি থকা পৰিলক্ষিত হয়।
ৰঙা বৰণৰ ২/৩ ফুট দীঘলকৈ টুকুৰা কৰা কুন্দাবোৰ পিছত স্থানীয় লোকে মূল্যবান খইৰ গছৰ কুন্দা বুলি জানিবলৈ দিয়ে। বৃহৎ পৰিমাণৰ খইৰ গছৰ কুন্দা প্ৰত্যক্ষ কৰি স্থানীয় লোকে প্ৰতিবেদকৰ সন্মুখতে হতবাক হৈ পৰাৰ লগতে অসাধু ব্যৱসায়িয়ে মূল্যবান কাঠ সৰবৰাহ কৰাৰ বাবে হালধা শিঙাৰপাৰা গড়কাপ্তানী পথটো কৰিডৰ হিচাপে ব্যৱহাৰ কৰা কাৰ্য্যত আশ্চৰ্য প্ৰকাশ কৰে।
ঘটনা সন্দৰ্ভত স্থানীয় সচেতন লোকে বাইহাটা চাৰিআলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তিংকু গোস্বামীক অবগত কৰাৰ উপৰিও উত্তৰ কামৰূপৰ বন সংমণ্ডল বিষয়া চান্নি চৌধুৰী, জনৈক মুথু উপাধিৰ অতিৰিক্ত মুখ্য বন প্ৰাধিকাৰীৰ লগতে বন বিভাগৰ শীৰ্ষ বিষয়াৰ আসন আগুৰি থকা প্ৰায়বোৰ বিষয়াৰ সৈতে যোগাযোগ কৰাৰ চেষ্টা কৰে। ইমানৰ পিছতো বিভাগটোৰ শীৰ্ষ বিষয়াৰ সহযোগ দূৰৰে কথা আটাইবোৰে নিঃপালী দি শুই থাকে।
বাইহাটা চাৰিআলি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তিংকু গোস্বামীয়ে তিনিবাৰকৈ আৰক্ষী প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে যদিও ঘটনাস্থলীত উপস্থিত থকা স্থানীয় লোকৰ লগতে প্ৰতিবেদকেও আৰক্ষীৰ বেশত এজনো লোক প্ৰত্যক্ষ নকৰিলে। ইফালে নিশাৰ খবৰ অসমীয়া প্ৰতিদিন ডিজিটেলত প্ৰকাশ পোৱাৰ পিছত আজি ৰঙিয়া সদৰ বিটৰ বিষয়া দীপক দাসসহ আন সহকৰ্মী ঘটনাস্থলীত উপস্থিত হৈ বৃহৎ পৰিমাণৰ ৰঙা বৰণৰ খইৰ গছৰ কুন্দাসমূহ উত্তৰ কামৰূপ বন সংমণ্ডলৰ কাৰ্যালয়লৈ লৈ যায়।
কোনো ধৰণৰ ওজন নকৰাকৈ ঘটনাস্থলীৰ পৰা এ এছ ০১ এন চি ৯২৮৬ নম্বৰৰ এচাৰ ট্ৰাকখনৰে প্ৰথমবাৰত ফুল গাড়ী আৰু দ্বিতীয় বাৰত আধা গাড়ী আৰু এ এছ ২৫ ডি চি ৫১৫৮ নম্বৰৰ টাটা ডি আই খনেৰে দুই বাৰকৈ দুই গাড়ী বোজাই কৰি ৰঙিয়াস্থিত উত্তৰ কামৰূপ বন সংমণ্ডলৰ কাৰ্যালয়লৈ লৈ যায়। উল্লেখ্য যে, ৰঙিয়া সদৰ বিটৰ বিষয়া দীপক দাসৰ লগতে স্থানীয় লোকে উক্ত ৰঙা খইৰ গছৰ মূল্য প্ৰায় ৫০ লক্ষাধিক হ'ব বুলি জানিবলৈ দিয়ে।
Also Read: চৰকাৰী ঘৰ দিয়াৰ নামত মুকবধিৰ মহিলাক ধৰ্ষণঃ পলাতক ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ...