চৰকাৰী ঘৰ দিয়াৰ নামত মুকবধিৰ মহিলাক ধৰ্ষণঃ পলাতক ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ...

চৰকাৰী ঘৰ দিয়াৰ নামত মুকবধিৰ মহিলাক ধৰ্ষণঃ পলাতক ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ...

author-image
Asomiya Pratidin
New Update
চৰকাৰী ঘৰ দিয়াৰ নামত মুকবধিৰ মহিলাক ধৰ্ষণঃ পলাতক ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ...

চৰকাৰী ঘৰ দিয়াৰ নামত মুকবধিৰ মহিলাক ধৰ্ষণঃ পলাতক ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ...

ডিজিটেল সংবাদ ধেমাজিঃ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিয়াৰ প্ৰলোভনেৰে মুকবধিৰ মহিলাক ধৰ্ষণত অভিযুক্ত ৱাৰ্ড মেম্বাৰৰ স্বামী বাহাদুৰ দাসক সোমবাৰে কাহিলিপুৱাতেই অৰুণাচলৰ পাপুনলাৰ পৰা ধেমাজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ উল্লেখ্য যে ধেমাজিৰ এৰাধল গাওঁ পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰৰ স্বামী বাহাদুৰ দাসে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ নথি প্ৰত্ৰ বিচৰাৰ চলেৰে এগৰাকী মুকবধিৰ মহিলাক বিগত মাহৰ ১১ মাৰ্চত ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছিল। পিছত ধেমাজি সদৰ আৰক্ষী থানাত ধৰ্ষণকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল। তাৰ পাছতে পলাতক হৈ আছিল বাহাদুৰ দাস।

Advertisment

Also Read: টোল টেক্স, বিদ্যুৎ মাচুল আৰু ঔষধৰ মূল্য হ্ৰাসৰ দাবীৰে AJYCP ৰ প্ৰতিবাদ...

ধৰ্ষণকাৰী