অধিৱেশনৰ পৰা আহি থাকোতেই অসুস্থ হৈ মৃত্যু প্ৰাক্তন ছাত্ৰ নেতা খগেন গগৈৰ

প্ৰাক্তন ছাত্ৰ নেতা তথা অসম সাহিত্য সভাৰ ২০২৩ বৰ্ষৰ লখিমপুৰ অধিৱেশনৰ আদৰণি সমিতিৰ সাধাৰণ সম্পাদক,নকাড়ী নিবাসী খগেন গগৈৰ শনিবাৰে নিশা আকস্মিক বিয়োগ হয়।
অধিৱেশনৰ পৰা আহি থাকোতেই অসুস্থ হৈ মৃত্যু প্ৰাক্তন ছাত্ৰ নেতা খগেন গগৈৰ

 ডিজিটেল ডেস্ক: প্ৰাক্তন ছাত্ৰ নেতা তথা অসম সাহিত্য সভাৰ ২০২৩ বৰ্ষৰ লখিমপুৰ অধিৱেশনৰ আদৰণি সমিতিৰ সাধাৰণ সম্পাদক,নকাড়ী নিবাসী খগেন গগৈৰ শনিবাৰে নিশা আকস্মিক বিয়োগ হয়।শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চিমেন চাপৰিৰ আধিৱেশনৰ পৰা সতীৰ্থৰ সৈতে আহি থাকোতেই হঠাৎ অসুস্থ হৈ পৰে। তেওঁক ততাতৈয়াকৈ নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

জাতীয় বীৰভূমিৰ অন্যতম প্ৰতিষ্ঠাপক গগৈয়ে লখিমপুৰ জিলা সাহিত্য সভা আৰু উত্তৰ লখিমপুৰ সাহিত্য সভাৰ দীৰ্ঘদিন ধৰি সভাপতি আৰু সম্পাদক হিচাপে সেৱা আগবঢ়াই আহিছিল।ইয়াৰোপৰি লখিমপুৰ ত্যাগক্ষেত্ৰ নিৰ্মাণত আগভাগ লৈছিল।

লখিমপুৰ জিলা ছাত্ৰ সন্থা আৰু উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্ব প্ৰদান কৰা গগৈ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰো বিষয়ববীয়া আছিল। কেইবছৰমান পূৰ্বে গগৈ সক্ৰিয় ৰাজনীতিত নামি পৰিছিল আৰু বিধানসভা নিৰ্বাচনত লখিমপুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল। মৃত্যুৰ সময়ত তেওঁ পত্নী সহ কন্যা আৰু বহু আত্মীয় স্বজনক এৰি থৈ যায়।

আৰু পঢ়ক: চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ খুংগ্ৰীং সাপ্তাহিক বজাৰত ডকাইতি কাণ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in