''আমি উত্তৰ দিছো'' গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল সন্দৰ্ভত কি ক'লে...

''আমি উত্তৰ দিছো'' গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল সন্দৰ্ভত কি ক'লে...

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে বাতিল কৰে ৪০ খনকৈ চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি। সূত্ৰ অনুসৰি জানিব পৰা মতে যিসকল চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল কৰা হৈছে সেই সমূহত বহু আঁসোৱাহ পোৱা গৈছে।

ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ ইউজি বোৰ্ডে এই চিকিৎসা মহাবিদ্যালয়সমূহত অনুসন্ধানৰ সময়ত ত্ৰুটি ধৰা পেলাইছিল। তাৰ পাছতে স্বীকৃতি বাতিলৰ সিদ্ধান্ত লৈছিল। ৩০ মে'ত প্ৰকাশ পাইছিল এই তথ্য।

অসমৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয় আৰু ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল কৰা হৈছে। অৱশ্যে এই সন্দৰ্ভত চিকিৎসা মহাবিদ্যালয় সমূহক উত্তৰ দিবলৈ এমাহৰ সময়সীমা বান্ধি দিছিল আয়োগে।

এই সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কয় যে, এয়া এক গতানুগতিক নিয়ম।এইবাৰ বাতৰিত ওলাইছে বাবে গম পাইছে। আগতে বাতৰিত নোলায়। নিয়মিত পৰিদৰ্শনত আঁসোৱাহ দেখিলে তেওঁলোকে অভিযোগ দিয়ে। এইবাৰ চি চি কেমেৰা নাই চলা বুলি অভিযোগ কৰিছিল। তেওঁলোকে সময় দিয়ে। সেই সময়ৰ ভিতৰত তাৰ উত্তৰ দিয়া হৈছে।

আনহাতে জি এম চি এইচৰ অধীক্ষক অভিজিত শৰ্মাই প্রতিক্রিয়া ব্যক্ত কৰি কয় যে, এন এম চিয়ে পৰিদৰ্শনৰ বাবে প্ৰতিবছৰে মানুহ পঠিয়ায়। এইবাৰ এন এম চি ২৩ জানুৱাৰীত আচম্বিত পৰিদৰ্শনৰ বাবে আহিছিল। ৰাষ্ট্রীয় বন্ধৰ দিনত পৰিদৰ্শন কৰিছিল দলটোৱে। অভিযোগ আহিব পাৰে। আমি অভিযোগ পঢ়ি উত্তৰ দিছো। তেওঁলোকে কেমেৰাৰ কথা কৈছিল।কিন্তু এন এম চিয়ে লগোৱা কেমেৰা আমি চাব নোৱাৰো। ইতিমধ্যে ২৫ টা কেমেৰা আমি লগাইছে আৰু সেই ডাটাবোৰ এন এম চিলৈ গৈ আছে। কিন্তু কেমেৰাৰ কোড তেওঁলোকৰ ওচৰত থাকে আমি সেই কেমেৰা চাব নোৱাৰো।অন্যহাতে মেডিকেল কলেজত অধ্যাপক, কিতাপ-পত্ৰ আদি বস্তু পৰ্যাপ্ত পৰিমাণে আছে বুলি কয় শৰ্মাই।

''আমি উত্তৰ দিছো'' গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল সন্দৰ্ভত কি ক'লে...
অসমৰ ৩ খন চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in