কেন্দুকোণাৰ বিজেপি কাৰ্যকৰ্তা ভূৱনেশ্বৰ কলিতাৰ দেহাৱসান

কেন্দুকোণাৰ বিজেপি কাৰ্যকৰ্তা ভূৱনেশ্বৰ কলিতাৰ দেহাৱসান

author-image
Asomiya Pratidin
New Update
কেন্দুকোণাৰ বিজেপি কাৰ্যকৰ্তা ভূৱনেশ্বৰ কলিতাৰ দেহাৱসান

ডিজিটেল সংবাদ,ৰঙিয়া : ৰঙিয়াৰ কেন্দুকোণাৰ বিজেপি কাৰ্যকৰ্তা ভূৱনেশ্বৰ কলিতাৰ ৭ জুনত নিজ বাসগৃহত বিয়োগ ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬৮ বছৰ। হঠাতে ষ্ট্ৰোকত আক্ৰান্ত হৈ কেইবাখনো ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছিল কলিতা ।

Advertisment

উল্লেখ্য যে বিজেপিৰ পূবপাৰ মৌজাৰ আঞ্চলিক সদস্যৰূপে কাৰ্যনিৰ্বাহ কৰিছিল তেঁও । ইয়াৰোপৰি ৰঙিয়াৰ কেইবাটাও সাংস্কৃতিক অনুষ্ঠানৰ লগতে পুঠিমাৰী বাৰোৱাৰী দুৰ্গা পূজা কমিটিকে ধৰি সমবায় ছছাইটি তথা সামাজিক অনুষ্ঠানৰ সৈতে জড়িত আছিল তেঁও।

অৱশ্যে ইয়াৰ পূৰ্বে জবাহৰজ্যোতি হাইস্কুলত শিক্ষাজীৱন আৰম্ভ কৰিছিল। বিজেপিৰ জ্যেষ্ঠ কাৰ্যকৰ্তা ভূৱনেশ্বৰ কলিতাই পিছত ব্যৱসায়িক দিশতো সফলতা লাভ কৰিছিল ।

এজন প্ৰকৃত ভদ্ৰলোক হিচাপে তেখেতে সকলোকে ব্যৱহাৰৰ দ্বাৰা আকৰ্ষিত কৰিব পাৰিছিল ৷ তেঁওৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত কলিতাই পত্নী ,জী জোঁৱাই আৰু নাতিক ইহ সংসাৰত এৰি থৈ যায় ৷

Also Read: গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বৃহৎ সাফল্য : ব্ৰেইন ডেড হোৱা লোকৰ বৃক্ক সংৰোপণ কৰিলে দুই ৰোগীৰ দেহত

Kendukona bjp