/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/98013b4a-c943-453e-b37e-39560b22389e/kena.jpg)
ডিজিটেল ডেস্কঃ অৱশেষত আৰক্ষীৰ জালত পৰিল দুৰ্ধৰ্ষ ডকাইত কেনাৰাম বড়ো। সোমবাৰে শদিয়াৰ পৰা বৰপেটা আৰক্ষীয়ে গ্রেপ্তাৰ কৰে কেনাৰামক। বৰপেটাৰোডৰ SBI গ্রাহক সেৱা কেন্দ্রৰ ডকাইতি কাণ্ডৰ অভিযুক্ত কেনাৰাম। বুধবাৰে(৩০মে') গুলীচালনা কৰি ধন লুট কৰিছিল গ্রাহক সেৱা কেন্দ্রৰ পৰা।
উল্লেখ্য যে, কেইমাহমান পূৰ্বে ওদালগুৰিৰ ৰৌতাত সংঘটিত হৈছিল এক এনকাউন্টাৰৰ ঘটনা। এই এনকাউণ্টাৰৰ ঘটনাত নিহত হোৱা জনক লৈ বিভ্রান্তিৰ সৃষ্টি হৈছিল। আৰক্ষীয়ে এনকাউণ্টাৰত নিহত লোকজনক দুধৰ্ষ ডকাইত কেনাৰাম বসুমাতাৰী বুলি ঘোষণা কৰিছিল যদিও পাছলৈ গ'ম পোৱা যায় যে সেয়া ডিম্বেশ্বৰ মুছাহাৰীৰহে।
পৰৱৰ্তী সময়ত ডিম্বেশ্বৰ মুছাহাৰীৰ মৃতদেহ খান্দি উলিওৱা হৈছিল।উল্লেখ্য যে, ডিম্বেশ্বৰ মুছাহাৰীও এজন অপৰাধীয়েই। পূৰ্বে অপৰাধমূলক ঘটনা সংঘটিত কৰাৰ বাবেই গ্ৰেপ্তাৰ হৈছিল ডিম্বেশ্বৰ। দুধৰ্ষ ডকাইত কেনাৰামৰ সৈতেও ডিম্বেশ্বৰৰ সম্পৰ্ক। দুয়ো একেটা গেঙৰে সদস্য।
২০২০ ত ৰঙিয়া আৰক্ষীয়ে পিষ্টল আৰু সজীপ গুলীসহ গ্ৰেপ্তাৰ কৰিছিল ডিম্বেশ্বৰ মুছাহাৰীক। ৰঙিয়া থানাত ডিম্বেশ্বৰ মুছাহাৰীৰ বিৰুদ্ধে ৭৮৩/২০ নম্বৰত ৰুজু হৈছিল গোচৰ।
Also Read: আৰক্ষীয়ে এনকাউন্টাৰ কৰিলে কাক ? কেনাৰাম নে ডিম্বেশ্বৰ ?