মায়ঙত দুষ্প্ৰাপ্য প্ৰজাতিৰ কেঁকো সাপ উদ্ধাৰ

মৰিগাঁও জিলাৰ মায়ঙৰ পবিতৰা অভয়াৰণ্যৰ দাঁতি কাষৰীয়া বৰদিয়া পাভকাতি গাৱঁৰ পৰা বুধবাৰে এটা দুষ্প্ৰাপ্য কেঁকো সাপ উদ্ধাৰ কৰি পবিতৰা অভয়াৰণ্য কৰ্তৃপক্ষৰ হাতত চমজাই দিয়া হয়।

author-image
Asomiya Pratidin
New Update
মায়ঙত দুষ্প্ৰাপ্য প্ৰজাতিৰ কেঁকো সাপ উদ্ধাৰ

ডিজিটেল সংবাদ, মায়ংঃ মৰিগাঁও জিলাৰ মায়ঙৰ পবিতৰা অভয়াৰণ্যৰ দাঁতি কাষৰীয়া বৰদিয়া পাভকাতি গাৱঁৰ পৰা বুধবাৰে এটা দুষ্প্ৰাপ্য কেঁকো  সাপ উদ্ধাৰ কৰি  পবিতৰা অভয়াৰণ্য কৰ্তৃপক্ষৰ হাতত চমজাই দিয়া হয়। ঘটনা অনুসৰি পাভকাতি গাঁৱৰ এগৰাকী শিক্ষকৰ ঘৰৰ ভিতৰত গুই সাপ আকৃতিৰ  দুষ্প্ৰাপ্য সাপ ডাল ইফাল সিফাল কৰি থকা দেখি শিক্ষক গৰাকীৰ জীয়ৰী মায়ং আঞ্চলিক মহাবিদ্যালয় ছাত্ৰী অৰূপা মণ্ডল আৰু তেওঁৰ ভাতৃ বিশাল মণ্ডলে প্ৰথমে সাপ ডাল ঘৰৰ পৰা বাহিৰ কৰিবলৈ চেষ্টা চলায়।

Advertisment

ভালে মান সময় চেষ্টা কৰিও সাপ ডাল ঘৰৰ ভিতৰৰ পৰা বাহিৰ কৰিব নোৱাৰি চুবুৰীয়া কেইগৰাকী মান মহিলাৰ সহায়ত সাপ ডাল কাপোৰেৰে মেৰিয়াই ধৰিবলৈ সক্ষম হয়। তাৰ পাছতেই  তেওঁলোকে মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহঃ অধ্যাপক, প্ৰকৃতিপ্ৰেমী ডঃ উৎপল নাথক ফোন যোগে এই খৱৰটো অৱগত কৰে।

আন্তঃৰাষ্ট্ৰীয় বজাৰত কেঁকু সাপৰ বৃহৎ চোৰাং ব্যবসায় অব্যাহত থকাৰ সময়ত বিষয়টোৰ গুৰুত্ব বুজি ডঃ নাথে ততালিকে খৱৰটো পবিতৰা অভয়াৰণ্য কৰ্তৃপক্ষক জনায়। খৱৰ পোৱাৰ পিছতেই পবিতৰা অভয়াৰণ্য কৰ্তৃপক্ষই প্ৰেৰণ কৰা দুগৰাকী বনকৰ্মী গৈ বৰদিয়া পাভকাতি গাৱঁৰ পৰা কেঁকো সাপ ডাল উদ্ধাৰ কৰি পবিতৰা অভয়াৰণ্যলৈ লৈ আহে।

দুষ্ট চক্ৰসমূহে চোৰাংকৈ কেঁকো সাপ ধৰি  আন্তঃৰাষ্ট্ৰীয় বজাৰত গোপনে ৰমৰমীয়া ব্যবসায় চলায় থকাৰ বিপৰীতে অৰূপা মণ্ডল আৰু বিশাল মণ্ডলৰ এই মহৎ কাৰ্য নিঃসন্দেহে প্ৰসংশা যোগ্য বুলি ডঃ উৎপল নাথে মত পোষণ কৰিছে। উল্লেখ্য যে এই কেঁকো সাপৰ চোৰাং ব্যৱসায়ক লৈ মতানৈক্য হোৱাৰ ফলতে দুবছৰ পূৰ্বে এজন গুৱাহাটীৰ  ব্যৱসায়িক গুলিয়াই হত্যা কৰাৰ দৰে ঘটনা সংঘটিত হৈছিল বৰদিয়া পাভকাতি গাঁৱৰ পৰা নাতিদূৰৈত পাতেকীবৰী পথাৰত।

আৰু পঢ়ক: মই অভিজিৎ, সন্ত্ৰাসবাদী নহয়: ৰঞ্জন গগৈক উভতি ধৰিলে কোনে?

assam mayong